ভূগৰ্ভৰ তলত খোজ মিলিলৰহস্যময় আন এখন জগতৰ

0
232

এইবাৰ বিজ্ঞানীয়ে ভূগৰ্ভৰ আন এক ৰহস্যৰ সন্ধান পাইছে৷ জনা মতে ভূপৃষ্ঠৰ তলত পৃথিৱীৰ আন এটা ভিন্ন স্তৰ পোৱা গৈছে, যি কিছুমান গলিত পাথৰৰ দৰে অৱস্থাত আছে৷ অকল এয়াই নহয়, এই প্ৰথম ইয়াত গভীৰতালৈ যাবলৈ সক্ষম হৈছে বিজ্ঞানীয়ে৷  এই অজানা স্তৰটো আছথেনোস্ফিয়েৰৰ মাজত আছে৷ প্ৰসংগতঃ জানি থোৱা ভাল যে আছথেনোস্ফিয়েৰৰ হ’ল পৃথিৱীৰ ভূত্বকৰ একেবাৰে এটা দুৰ্বল স্তৰ, যি চলমান অৱস্থাত আছে৷ এনে পৰিস্থিতিত এই গৱেষণাৰ পৰা নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ বিশেষকৈ টেকটনিক প্লেটৰ লৰচৰ সম্পৰ্কে নতুন তথ্য লাভ কৰা যাব বুলি আশা কৰা হৈছে৷ যাৰ ফলত ভৱিষ্যতে ভূমিকম্প হোৱাৰ আগতে এই সম্পৰ্কে আগতীয়াভাৱে অৱগত হ’বলৈ সক্ষম হ’ব৷ উল্লেখ্য যে তুৰস্ক তথা ছিৰিয়াৰ ঘটা সাম্প্ৰতিক ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত এইধৰণৰ গৱেষণাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাব৷ যিহেতু এই স্তৰটো টেকটনিক প্লেটৰ একেবাৰে কাষতে আছে, সেয়ে প্লেটক চলমান বা স্থিতিশীল কৰি ৰখাত ই এটা ডাঙৰ ভূমিকা পালন কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্লেটবোৰত কেতিয়া আলোড়নৰ সৃষ্টি হয় তাক গৱেষণাৰ পৰা জনা যাব পাৰে৷ টেক্সাছ বিশবিদ্যালয়ৰ অধীনত পৰিচালিত এই গৱেষণাৰ পৰা জনা গৈছে যে আৱিষ্কৃত এই স্তৰটো এটা নিৰ্দিষ্ট ঠাইতে সীমাবদ্ধ নহয়৷ বৰং ইয়াৰ পৰিধি ভূপৃষ্ঠৰ বহু গভীৰতালৈ বিস্তৃত হৈ আছে৷ বহু আগতে নেচাৰ জিঅ’ ছায়েন্সৰ প্ৰকাশিত এক সমীক্ষাৰ পৰা জনা গৈছে যে গলিত শিলাবোৰৰ গৱেষণাৰ মাধ্যমেৰে সম্ভৱতঃ এটা কথা জনা যাব যে ভৱিষ্যতে পৃথিৱীত কি পৰিৱৰ্তন ঘটিব৷ উল্লেখ্য যে কিছু বছৰ আগতে বিজ্ঞানীসকলে উল্লেখ কৰিছিল যে পৃথিৱীৰ অভ্যন্তৰীণ, কেন্দ্ৰৰ ঘূৰ্ণন তথা পৰিৱৰ্তন প্ৰায় বন্ধ হৈ গৈছে৷ কিন্তু এই গতিশীল গলিত শিলাবোৰৰ লৈ এতিয়া আৰু নতুনকৈ ভবাৰ অৱকাশৰ সৃষ্টি কৰিছে৷ পৃথিৱীৰ আসন্ন ডাঙৰ পৰিৱৰ্তনৰ ইংগিত পোৱা যাব সৃষ্টিৰ পাছৰ পৰ্যায়ত গ্ৰহৰ ক্ৰমাগত পৰিৱৰ্তন ঘটিলে৷ আনকি এনে কিছু ক্ষেত্ৰত কিছুমান পৰিৱৰ্তনৰ বাবে বহু প্ৰজাতিৰ গঠন তথা বিলুপ্তিৰ কাৰণ হৈ উঠিছিল৷ ইয়াৰ অন্যতম কাৰণ ডাইন’ছৰৰ দৰে শক্তিশালী  প্ৰাণী পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হোৱাটো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here