ভূগৰ্ভৰ পৰা অত্যধিক পৰিমাণে পানী উলিওৱাৰ ফলত পৃথিৱীৰ ভৰৰ ভাৰসাম্যতাত প্ৰভাৱ পৰিছে৷ ইয়াৰ ফলত পৃথিৱীৰ মেৰুদণ্ডও অধিক হেলনীয়া হ’বলৈ লৈছে৷ পৃথিৱীৰ মেৰnদণ্ড হেলনীয়া হোৱাৰ প্ৰভাৱ আনকি জলবায়ু পৰিৱৰ্তনতো পৰিছে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে পৃথিৱীৰ মেৰুদণ্ড পূৰ্বতকৈ অধিক হেলনীয়া হোৱাৰ বিষয়ে বিজ্ঞানীসকলে দীৰ্ঘদিন অধ্যয়ন কৰি থকাৰ লগতে ইয়াৰ ভিন্ন ভিন্ন কাৰণসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে৷ কিন্তু শেহতীয়াকৈ কৰা অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি, পৃথিৱীৰ মেৰুদণ্ড অধিক হেলনীয়া হৈ পৰাৰ প্ৰধান কাৰণ হ’ল ভূগৰ্ভৰ পৰা অধিক পানী উলিওৱাটো৷ জিঅ’ফিজিকেল ৰিছাৰ্চ লেটাৰ্ছত প্ৰকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পৃথিৱীৰ অক্ষ অধিক হেলনীয়া হৈ পৰাৰ ফলত ঘূৰ্ণনত হোৱা পৰিৱৰ্তনে জলবায়ুতো ব্যাপক প্ৰভাৱ পেলাব পাৰে৷ যোৱা দুটা দশকত পৃথিৱীৰ মেৰুদণ্ড অধিক হেলনীয়া হৈ পৰা দেখা পোৱা গৈছে৷ ভূগৰ্ভৰ পৰা পানী উলিওৱাৰ ফলত ১৯৯৩-২০১০ চনৰ ভিতৰত মেৰুদণ্ড পূবলৈ ৮০ চেণ্টিমিটাৰ হেলনীয়া কৰে৷ পৃথিৱীত প্ৰৱাহিত হৈ থকা পানীয়ে কিমান ভৰ বণ্টন কৰিব, সেইটো নিৰ্ধাৰণ কৰে৷ বিজ্ঞানীসকলে কৰা অনুমান মতে ১৯৯৩-২০১০ সময়ছোৱাত মানুহে ২,১৫০ গিগাটন পানী ভূগৰ্ভৰ পৰা উলিয়ায়৷ ইমান বৃহৎ পৰিমাণৰ পানী ভূগৰ্ভৰ পৰা উলিওৱাৰ ফলত ভূপৃষ্ঠত ভাৰৰ বণ্টন প্ৰভাৱিত হোৱা বুলি বিজ্ঞানীসকলে অনুমান কৰে৷ বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ মেৰুদণ্ডৰ প্ৰতিবছৰে ইফাল-সিফাল হয় যদিও ভূগৰ্ভৰ পৰা অত্যধিক হাৰত পানী উলিওৱাৰ ফলত এই পৰিৱৰ্তন অধিক ক্ষিপ্ৰ হৈছে৷ এই অধ্যয়নটো কৰিছিল ছিউল নেশ্যনেল ইউনিভাৰ্ছিটিৰ ভূতত্ত্ববিদ ৱেয়ান ছেওৱে৷ উল্লেখযোগ্য যে পৃথিৱীৰ ঘূৰ্ণনত প্ৰতিবছৰে প্ৰায় এক মিটাৰ পৰ্যন্ত পৰিৱৰ্তন হোৱা দেখা যায়৷ ছেওৱে কয় যে জলবায়ুৰ সৈতে জড়িত কাৰকসমূহৰ ভিতৰত ভূগৰ্ভৰ পানীৰ পুনৰ বণ্টনে পৃথিৱীৰ ঘূৰ্ণন মেৰুত সৰ্ববৃহৎ প্ৰভাৱ পেলাব পাৰে৷ পৃথিৱীৰ মধ্যভাগত পানীৰ পুনৰ বণ্টনে মেৰুৰ ঢাল সলনিত সৰ্বাধিক প্ৰভাৱ পেলায়৷ উক্ত অধ্যয়নটো চলোৱাৰ সময়ত পানী সৰ্বাধিক পুনৰ বণ্টন দেখা পোৱা গৈছিল উত্তৰ আমেৰিকা আৰু দক্ষিণ ভাৰতত৷ উক্ত অঞ্চলবোৰত ভূগৰ্ভৰ পানী হ্ৰাস পোৱাটো ৰোধ কৰি মেৰুৰ ঢাল সলনি হোৱাতো ৰোধ কৰিব পাৰি, কিন্তু সেয়া দীঘলীয়া সময়ৰ বাবে হ’ব লাগিব৷