পৃথিৱীত থকা প্ৰতিটো জীৱই জীয়াৰ থকাৰ বাবে পানীৰ প্ৰয়োজন৷ কিন্তু আমি খাই থকা পানী কেইবাশ কোটি বছৰৰ আগতে উৎপত্তি হোৱা বুলি হয়তো বহুতেই নাজানে৷ আমি এতিয়া খাই থকা পানী লাখ লাখ বছৰৰ আগতে ডাইন’ছ’ৰ আৰু নোমাল বিশাল স্তন্যপায়ী জন্তৱেও খাইছিল৷ আন কথাত পৃথিৱীত নতুনকৈ পানীৰ সৃষ্টি হোৱা নাই৷ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্ছিটিয়ে কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, বিগত ৫০০ কোটি বছৰত পৃথিৱীত নতুন পানীৰ সৃষ্টি হোৱা নাই৷ পৃথিৱীৰ ভূগৰ্ভত থকা পানী কেইবা লাখ বছৰৰ আগৰ৷ গৱেষকসকলে কয় যে আমাৰ পৃথিৱীত থকা পানী ৫০০ কোটি বছৰ পুৰণি৷ ইয়াৰে এটা ক্ষুদ্ৰ অংশ মহাকাশত আছে৷ তেতিয়াৰ পৰাই পৃথিৱীত নতুনকৈ পানীৰ সৃষ্টি হোৱা নাই৷ তাপমাত্ৰা বৃদ্ধি পালে সাগৰ, মহাসাগৰ, নদ-নদী, হ্ৰদ আদিৰ পানী শুকাই বাষ্পত পৰিণত হয় আৰু বৰষুণৰ ৰূপত পুনৰ পৃথিৱীত পৰেহি৷ বিশ্ববিদ্যালয়খনৰ স্কুল অব্ দ্য এনভাইৰনমেণ্টৰ ভূ-বিজ্ঞানী কেণ্ট কেলাৰে কয়, ‘ভূগৰ্ভত থকা পানী পৰীক্ষা কৰা হৈছিল আৰু ইয়াক সঠিক পোৱা হয়৷ কেৱল মহাসাগৰ, নদীতহে যে পানী আছে সেইটো নহয়, খনিজতো পানী আছে৷ এই পানী ডাইন’ছ’ৰতকৈও পুৰণি৷ আন এটা স্থানত আমি ডাইন’ছ’ৰৰ সময়ৰ পানীও পাইছোঁ৷ যেতিয়া ডাইন’ছ’ৰৰ মৃত্যু হৈছিল তেতিয়া ইয়াৰ শৰীৰ খণ্ড-বিখণ্ড হৈ পৃথিৱীৰ অংশ হৈ পৰে৷ সময়ৰ লগে লগে এই কাৰ্বনিক পদাৰ্থৰ কিছু অংশ কয়লা আৰু তেললৈ ৰূপান্তৰ হয়, যাক আমি ইন্ধনৰূপে ব্যৱহাৰ কৰি আছোঁ৷’ তেওঁ লগতে কয় যে ডাইন’ছ’ৰে খোৱা পানী কেৱল আমি খোৱাই নহয় গা-পা ধোৱা, খোৱা-বোৱাতো ব্যৱহাৰ কৰি আছোঁ৷