ভুলতো চজিনা নোখোৱাকৈ নাথাকিব

0
1612

অসমৰ প্ৰতি ঘৰৰ পদূলিতে দেখিবলৈ পোৱা এবিধ অতি সহজলভ্য গছ হ’ল চজিনা৷ সাধাৰণতে শীতকালত ইয়াৰ পাত সৰি লঠঙা হয় যদিও বসন্তৰ আগমনৰ লগে লগে পাত, ফুল ওলাবলৈ ধৰে৷ ইয়াৰ ফুলবোৰ পুষ্টিকৰ ব্যঞ্জন আৰু খাবলৈ সুস্বাদু৷ চজিনাৰ সৈতে সৰিয়হৰ চৰচৰিখনৰ সোৱাদ ভাল নোপোৱা মানুহ নাই বুলিয়েই ক’ব পাৰে৷ ইয়াৰ ফল আৰু পাত পাচলি হিচাপে ব্যৱহাৰ হয়৷ ইয়াৰ বৈজ্ঞানিক নাম মোৰিংগা অলিঅ’ফেৰা (Moringa Oleifera)৷ ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ চজিনা উৎপাদনকাৰী দেশ৷ তাৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু অসমত বেছি চজিনা উৎপাদন হয়৷ এনে পুষ্টিকাৰক পাচলিবিধ খালে আমাৰ কেনেধৰণৰ উপকাৰ হয় জানো আহক–

(১) চজিনাত ৪৬ ধৰণৰ আৰু ৯০টাৰো অধিক এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক শক্তিশালী হয়৷
(২) বসন্ত ৰোগৰ কাৰণে চজিনা মহৌষধৰ দৰে কাম কৰে৷ বসন্ত কালত চজিনা খালে বেমাৰৰ ভাইৰাছ দূৰ হয়৷
(৩) চজিনাত প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থাকে কাৰণে এনিমিয়া আঁতৰ কৰাত বিশেষ ধৰণে কাম কৰে৷
(৪) ডায়েবেটিছ ৰোগীৰ কাৰণে চজিনা অতি উত্তম পাচলি৷ চজিনাই দেহত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷
(৫) চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে চজিনাৰ পাত ভাজি খালে সুফল পোৱা যায়৷
(৬) হাত-ভৰি ফুলি উঠা বা বিষ নিৰাময়ৰ পৰা উপশম পাবলৈ চজিনা খোৱাটো দৰকাৰী৷
(৭) চজিনাই মানসিক চাপ, উদ্বেগ-উদ্বিগ্নতা আদি দূৰ কৰিব পাৰে৷ চজিনাৰ পাত খালে মন প্ৰফুল্লিত হৈ থাকে৷
(৮) হজম শক্তি বঢ়োৱাত চজিনাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(৯) যিহেতু চজিনাত এণ্টিবেক্টেৰিয়েলৰ উপাদান থাকে, সেয়ে চজিনাই কিডনী আৰু যকৃত সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷
(১০) চজিনাই সৌন্দৰ্য ধৰি ৰখাৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি যোগায়৷
এনে অনেক গুণেৰে ভৰপূৰ চজিনা খোৱাটো অত্যন্ত আৱশ্যক৷ সেয়েহে আমি চজিনাক নিয়মিতৰূপে খোৱাৰ হেতু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here