ভীম কল বা আঠিয়া কলৰ বিষয়ে সকলোৱে জানে৷ দেখিবলৈ প্ৰকাণ্ড কলটোৰ ভিতৰত থাকে অসংখ্য গুটি৷ প্ৰচলিত যে পকা ভীম কল শীতল মাহকেইটাত নিয়মিত খালে গাত ভীমৰ সমান বল হয়৷ ভীম কলৰ অসীম পুষ্টিগুণৰ বাবে আজিকালি শিশুৰ বাবে ভীম কলৰ পৰা ভীমভীটা, ভীম পাউডাৰ আদি প্ৰস্তুত কৰি উলিওৱা হৈছে৷ গতিকে ভীম কলৰ আন কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক৷
শীতকালত প্ৰতিদিনে এটাকৈ ভীম কল খালে শৰীৰৰ শ্ৰীবৃদ্ধি হয়৷
পকা ভীম কলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে৷ সেই কাৰণে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ভীম কল উপকাৰী৷
শৰীৰৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে পকা ভীম কলৰ মঙহালৰ লগত বুট খাব লাগে৷ এনেদৰে খোৱাৰ প্ৰায় ১০-১৫ মিনিটৰ পাছত পানী খালে দেহৰ ওজন বৃদ্ধি পায়৷
ভীম কলৰ পচলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়৷
ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীম কলৰ ডিল অতি উপকাৰী৷
টোপনি কম হ’লে পকা ভীম কলৰ গুটি আঁতৰাই এগিলাচ গাখীৰত মিহলাই খালে সুফল পোৱা যায়৷ গতিকে ভীম কল দৈনিক এটাকৈ খাই শৰীৰটোক ৰোগমুক্ত কৰি ৰাখো আহক৷