পৃথিৱীৰ উপৰিভাগ সমান নহয় যদিও সকলো স্থানতে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ সমান৷ অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্ৰম ভাৰত মহাসাগৰত৷ ভাৰত মহাসাগৰৰ তলত এটা বিশাল অঞ্চলত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম৷ প্ৰায় ৩০ লাখ বৰ্গ কিল’মিটাৰৰ এই অঞ্চলটোক মাধ্যাকৰ্ষণ গৰ্ত বুলিও কোৱা হয়৷ এই মাধ্যাকৰ্ষণ গৰ্তই দীৰ্ঘদিন ৰহস্যৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ দুজন ভাৰতীয় বিজ্ঞানীয়ে এই ৰহস্য ভেদ কৰা বুলি দাবী কৰিছে৷ ভাৰত উপ-মহাদেশৰ ঠিক তলত ভাৰত মহাসাগৰৰ জলস্তৰৰ মাধ্যাকৰ্ষণ যথেষ্ট কম৷ ইয়াক ভাৰত মহাসাগৰ জিয়ড ল’ বা আই অ’ জি এল বুলি কোৱা হয়৷ ভাৰতীয় ভূবিজ্ঞানী দেবৰঞ্জন পাল আৰু অত্ৰেয়ী ঘোষে তেওঁলোকৰ গৱেষণাপত্ৰত ইয়াৰ এক ব্যাখ্যা আগবঢ়াইছে৷ কম্পিউটাৰ মডেলিঙৰ আধাৰত তেওঁলোকে এই বুলি দাবী কৰে যে এইন ৰহস্যৰ উত্তৰ পৃথিৱীৰ খোলাটোৰ এহেজাৰ কিল’মিটাৰ তলত লুকাই আছে৷ তেওঁলোকৰ মতে, পৃথিৱীৰ খোলাটোৰ এহেজাৰ কিল’মিটাৰ তলত এখন অতি প্ৰাচীন মহাসাগৰৰ ঠাণ্ড ঘন অৱশেষ আফ্ৰিকাৰ তলত তিনি কোটি বছৰৰ আগতে সোমাই পৰে আৰু ইয়াৰ ফলত গৰম, তৰল পদাৰ্থ ওপৰলৈ ওলাই আহে৷ কিন্তু তেওঁলোকে কম্পিউটাৰ মডেলিঙক ভিত্তি কৰিহে এই দাবী কৰিছে৷ মন কৰিবলগীয়া যে ২০১৮ চনত ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ পলাৰ এণ্ড অ’চেন ৰিছাৰ্চে মাধ্যাকৰ্ষণৰ বিসংগতি থকা এই অঞ্চলটোৰ সমুদ্ৰ তলিলৈ ছিছ’মিটাৰ প্ৰেৰণ কৰিছিল৷ এই ছিছ’মিটাৰে ভাৰত মহাসাগৰৰ তলত গলিত শিলা আৰু গৰম বুৰবুৰণিৰ তথ্যও লাভ কৰিছিল