ভাৰত পালেহি স্পুটনিক

0
2622

কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত বিশ্বৰ বিভিন্ন ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীয়ে ইয়াৰ প্ৰতিষেধক উদ্ভাৱনৰ চেষ্টা অব্যাহত ৰাখিছে৷ প্ৰথমতে কোন প্ৰতিষ্ঠানে কভিড ভেকচিন প্ৰস্তুত কৰি বজাৰত উলিয়াব পাৰে, এতিয়া তাৰেই যেন প্ৰতিযোগিতা চলিছে৷ আমেৰিকাৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফাইজাৰ আৰু মডাৰ্নাই খুব সোনকালে কৰ’নাৰ ভেকচিন মুকলিৰ কথা ঘোষণা কৰাৰ সময়তে ৰাছিয়াৰ কৰ’না প্ৰতিষেধক স্পুটনিক-৫ ভাৰত আহি পালেহি৷ ইয়াক লৈ এতিয়া ভাৰতৰ জনসাধাৰণৰ মাজত উৎসুকতা বৃদ্ধি পাইছে৷ অৱশ্যে ৰাছিয়াৰ স্পুটনিক-৫ এতিয়াই সাধাৰণ লোকৰ ব্যৱহাৰৰ বাবে নহয়। মানৱ শৰীৰত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবেহে ৰাছিয়াই স্পুটনিক-৫ ভাৰতলৈ পঠিয়াইছে৷ এতিয়া স্পুটনিক-৫অক ব্যাপক হাৰত আৰু দ্ৰুতগতিত ক্লিনিকেল ট্ৰায়েল কৰাৰ বাবে পৰীক্ষা কৰা হ’ব। মানৱ শৰীৰত পৰীক্ষাৰ বাবে ভাৰতৰ বহুজাতিক ঔষধ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠান ডাঃ ৰেড্ডীজ লেবৰেটৰীজে এই দায়িত্ব লৈছে৷ লেবৰেটৰীজৰ মুখপাত্ৰই জনায় যে ভাৰতত ক্লিনিকেল ট্ৰায়েলৰ বাবে স্পুটনিক-৫ আহি পাইছে৷ ভাৰতত ইয়াৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ’ব৷ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ১০০জন আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা ১৫০০জনৰ শৰীৰত কৰা হ’ব৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ কানপুৰত মানৱ শৰীৰত পৰীক্ষা কৰা হ’ব৷ যদিহে ভাৰতত এই পৰীক্ষা সুৰক্ষিত হিচাপে বিবেচিত হয়, তেনেহ’লে অহা ডিচেম্বৰৰ শেষলৈ স্পুটনিক-৫ ভাৰতত প্ৰয়োগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ৰেড্ডীজ লেবৰেটৰীজৰ এক সূত্ৰই জনোৱা মতে, অক্সফ’ৰ্ড আৰু ভাৰত বায়’টেকৰ প্ৰতিষেধক মুকলি হোৱাৰ পূৰ্বেই ভাৰতত স্পুটনিক-৫ মুকলি কৰা হ’ব৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ কোনো নীতি-নিয়ম নমনাকৈ ৰাছিয়াই স্পুটনিক-৫ ভেকচিন প্ৰথমে আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল৷ যোৱা ছেপ্টেম্বৰত মাহতে ৰাছিয়াই কভিড প্ৰতিষেধক স্পুটনিক উদ্ভাৱন কৰা বুলি ঘোষণা কৰিছিল৷ এই প্ৰতিষেধকৰ মানৱ শৰীৰত ব্যাপক পৰীক্ষা আৰম্ভ হৈছিল৷ এনে পৰীক্ষাত বিস্তৰ পাশ্বৰ্ক্ৰিয়া হৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল এইবিধ ভেকচিন ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here