আমাৰ দেশত এখন ৰাজ্যৰ লগত আন এখন ৰাজ্যক সংযোগ কৰিবলৈ সুকীয়াকৈ বহু পথ আছে৷ ইয়াৰ বাবে অসংখ্য ডাঙৰ পথ তথা ৰাষ্ট্ৰীয় পথ থাকে৷ যদি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবলগীয়া হয় তেনেহ’লে এই ৰাষ্ট্ৰীয় ঘাইপথেৰে জনসাধাৰণে গাড়ীৰে যাতায়াত কৰে৷ এই ৰাষ্ট্ৰীয় ঘাইপথবোৰ চোৱা-চিতা, মেৰামতি, পুনৰনিৰ্মাণ তথা আনুষংগিক কাম-কাজ পৰিচালনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অঝীনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী নামেৰে এটা সুকীয়া বিভাগ আছে৷ অৱশ্যে এই ঘাইপথেৰে যাতায়াত কৰোঁতে এটা সুকীয়াকৈ টোল কৰ দিবলগীয়া হয়৷ আমি সকলোৱে জানো যে ভাৰতৰ ৰাজ্যবোৰক ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ কৰাৰ ফলত এখন ৰাজ্যৰ পৰা আনখনলৈ সহজে যাব পৰাৰ সুবিধা হৈছে৷ আনহাতে এই ঘাইপথবোৰৰ দৈৰ্ঘ্য কেইবাহাজাৰ কিলোমিটাৰ পৰ্যন্ত হয়৷ এটা কথা জানেনে যে এই ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ ভিতৰত আটাইতকৈ কম দূৰত্বৰ ঘাইপথটো কি আৰু কোন ৰাজ্যত আছে৷ দেশৰ এই ঘাইপথটোৰ দৈৰ্ঘ্য মাত্ৰ পাঁচ কিলোমিটাৰ আৰু ভাৰতৰ এই ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল NH৫৪৮৷ সমগ্ৰ দেশৰ ভিতৰত এই ঘাইপথটো ক্ষুদ্ৰতম হাইৱে’ হিচাপে বিবেচিত হৈছে৷ এই ঘাইপথটোৱে মহাৰাষ্ট্ৰ তথা কৰ্ণাটকক সংযোগ কৰিছে৷ ইয়াৰ উত্তৰ প্ৰান্ত কলম্বোনি সাক্ষিনী হৈ নভী মুম্বাইৰ সৈতে সংযুক্ত হৈছে৷