ভাৰতৰ শতাধিক কফছিৰাপৰ গুণগত মান সন্দেহজনক

0
92

ভাৰতত প্ৰস্তুত কৰা বিভিন্ন কোম্পানীৰ কেইবাটাও কফছিৰাপ কেইবাখনো দেশে নিষিদ্ধ কৰিছিল৷ ইয়াৰ মূলতঃ কাৰণ আছিল ভাৰতত উৎপন্ন হোৱা এই কফছিৰাস্ত স্বাস্থ্য অনুপযোগী নহয় আৰু এইবোৰৰ গুণগত মান একেবাৰে নিম্ন পৰ্যায়ৰ৷ আনকি কিছুমান কফছিৰাপত স্বাস্থ্য ক্ষতিকাৰক দ্ৰব্য মিহলি কৰাৰ তথ্যও লাভ কৰিছিল৷ বিশ্বত বিভিন্ন দেশত এইদৰে ভাৰতত তৈয়াৰী কফছিৰাপৰ ওপৰত সন্দেহৰ আঙুলি উঠাৰ সময়তে খোদ ভাৰতত চৰকাৰী এক প্ৰতিবেদনত ভাৰতত প্ৰস্তুত হোৱা শতাধিক ঔষধৰ গুণগত মানক লৈ প্ৰশ্ন উঠিছে৷ প্ৰতিবেদনত এইসমূহ ঔষধ বা কফছিৰাপৰ প্ৰস্তুত প্ৰণালীত কোৰোণ আছে আৰু এইধৰণৰ ঔষধ কোনো কাৰণতে স্বাস্থ্য উপযোগী নহয় বুলিও জনা গৈছে৷ উল্লেখ্য যে ইয়াৰ আগতে ভাৰতত প্ৰস্তুত হোৱা এই কফছিৰাপ সেৱন কৰিয়েই আফ্ৰিকাৰ গান্ধিয়া, উজবেকিস্তান আৰু কেমেৰুনত শতাধিক শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল৷ শেহতীয়াভাৱে ভাৰতত চৰকাৰীভাৱে কৰা গুণগত পৰীক্ষাত এনে বহতো কফছিৰাপত যথেষ্ট পৰিমাণে বিষাক্ত দ্ৰব্য মিহলি হৈ থকাৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যনে দিয়া তথ্য মতে ভাৰতত উৎপন্ন হোৱা এই কফছিৰাপত ডায়োথিলিন গ্লাইকল আৰু এথিলিন গ্লাইকলৰ নামৰ বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে৷ যিবোৰ উপাদানে মানৱ শৰীৰৰ বাবে ভয়ংকৰ হিচাপে দেখা দিব পাৰে৷
[15:27, 24/7/2024] +91 75778 10894: যোগাসনৰ উপকাৰিতাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here