ভাৰতৰ ফিৰ্‌নি আৰু ক্ষীৰবিশ্বৰ দহ শ্ৰেষ্ঠ পুডিঙৰ তালিকাত

0
155


এসাঁজ নিৰামিষ অথবা আমিষ খাদ্য খোৱাৰ পাছত প্ৰায় সকলোৱে মিঠা বস্তু [ডিজাৰ্ট] খাবলৈ পচন্দ কৰে৷ ভাৰতীয় খাদ্য সম্ভাৰত বিভিন্ন ধৰণৰ মিঠাই আছে আৰু অঞ্চলভেদে বিভিন্ন মিঠাই প্ৰস্তুত কৰি ভাৰতীয়সকলে ভাৰতীয় খাদ্য সম্ভাৰে বিশ্বৰ দৰবাৰত সমাদৰ পাইছে৷ জনপ্ৰিয় ফুড আৰু ট্ৰেভেল গাইড, টেষ্ট আটলাছে অলপতে প্ৰকাশ কৰা বিশ্বৰ ১০বিধ উত্তম পুডিঙৰ ভিতৰত ভাৰতীয় ফিৰনি আৰু ক্ষীৰে স্থান লাভ কৰে৷ ভাৰতীয় মিঠাইসমূহত যিহেতু কিছুমান স্বকীয় বৈশিষ্ট্য আছে, সেয়ে আৰু দুটা ভাৰতীয় মিঠায়ে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰাটো কোনো আচৰিত কথা নহ’ব৷ টেষ্ট আটলাছে শেহতীয়াভাৱে আন এখন তালিকা প্ৰকাশ কৰিছে এইবাৰৰ বিশ্বৰ ৫০টা উত্তম ডিজাৰ্ট৷ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ডিজাৰ্টসমূহক এই তালিকাত মান আৰু স্বাদ অনুসৰি স্থান দিয়া হৈছে৷ তালিকাৰ শীৰ্ষত ফ্ৰান্সৰ জনপ্ৰিয় ডিজাৰ্ট ক্ৰেপছক স্থান দিয়া হৈছে৷ ইয়াৰ পাছতে ব্ৰাজিলৰ বাম্ফোকাডো নাৰিকলৰ [সুগন্ধিযুক্ত এবিধ পেষ্ট্ৰী] স্থান পাইছে৷ পেৰুৰ কুইচো হেলাড’ [আইচক্ৰীমৰ সৈতে একে] আৰু ইটালিৰ তিৰামিচুক তৃতীয় আৰু চতুৰ্থ স্থান দিয়া হৈছে৷ ভাৰতীয়সকলৰ বাবে আনন্দৰ খবৰ যে তেওঁলোকৰ পচন্দৰ ৰসমলাইক তালিকাখনত ৩১ সংখ্যক আৰু কাজু কাট্‌লিক [বৰফি] ৪১ সংখ্যক স্থান দিয়া হৈছে৷ দীপাৱলী, হোলী আদি উৎসৱত ভাৰতীয়সকলৰ অতিকৈ পচন্দৰ এই দুয়োবিধ মিঠাইক টেষ্ট আটলাছে প্ৰস্তুতকৰণৰ পৰা ব্যৱহাৰলৈকে সুন্দৰভাৱে বৰ্ণনা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here