ভাৰতৰ পৰ্বতাৰোহীৰ বিৰল কৃতিত্ব২৮টা সৰ্বোচ্চ শৃংগত আৰোহণ

0
367


পৰ্বতাৰোহীসকলৰ ২০জনীয়া এটা দলে দেশখনৰ ২৮টা সৰ্বোচ্চ শৃংখৰ সকলোতে আৰোহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এটা বিৰল কৃতিত্ব অৰ্জন কৰিলে৷ অৰুণাচল প্ৰদেশৰ নেশ্যনেল ইনষ্টিটিউট অব মাউণ্টেইনীয়াৰিং এণ্ড এডভেঞ্চাৰ স্পৰ্টছৰ [চমুকৈ নিমাছ] পৰ্বতাৰোহীসকলে ‘হৰ শিখৰ তিৰংগা’ মিছনৰ অংশ হিচাপে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সৰ্বোচ্চ শিখৰবোৰত আৰোহণ কৰে৷ এনেধৰণৰ অভিযান এয়ে প্ৰথম৷ আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই অভিযানৰ আয়োজন কৰা হৈছিল৷ অৱশ্যে এই দুঃসাহসিক অভিযানত প্ৰত্যাহবনো আছিল৷ পৰ্বতাৰোহীসকলৰ দলটোৰ নেতৃত্ব দিয়া কৰ্নেল ৰণবীৰ সিং জামৱালে কয় যে আমি আমাৰ অভিযান সম্পূৰ্ণ কৰাৰ পাছত সকাহ ল’বলৈ নাপালোৱেই, নিশা প্ৰায় ১০ বজাত পানীৰ প্ৰথমটো ধল আহিল৷ আমাৰ দলটো ১০ মিনিটৰ ভিতৰত টালি-টোপোলা লৈ ওলাই আহিবলৈ সক্ষম হ’ল আৰু পৰ্বতাৰোহী হিচাপে আমাৰ প্ৰথম স্বাভাৱিক প্ৰবৃত্তিয়ে আমাক পাহাৰৰ ওপৰলৈ লৈ গ’ল৷ আৰু মাত্ৰ সেই ১০ মিনিট সময়ত দৌৰি পাহাৰলৈ উঠি যোৱাৰ কাৰণে আমাৰ প্ৰাণ ৰক্ষা পৰিল৷ দেশখনৰ দীঘ-বাণিৰে অতিক্ৰম কৰোঁতে অধিকাংশ দুৰ্গম ঠাইত দলটো জটিলতাৰ সন্মুখীন হৈছিল৷ তেওঁলোকে লগতে আৱিষ্কাৰ কৰিছিল যে ৰাজ্যসমূহৰ বহু সৰ্বোচ্চ শৃংগৰ নামকৰণ কৰা হোৱা নাই৷ যেনে পঞ্জাবৰ নেইনা দেৱী পৰ্বতমালাত থকা সৰ্বোচ্চ শৃংগটোৰ নামকৰণ কৰা হোৱা নাই৷ যোৱা বছৰৰ ১৬ অক্টোবৰত অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰা অভিযানটোৱে ভাৰতৰ সকলো ৰাজ্যৰ প্ৰায় ৩০ হাজাৰ কিল’মিটাৰ সামৰে আৰু দেশখনৰ ইতিহাসত এনেধৰণৰ এইটোৱেই প্ৰথম অভিযান আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here