ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি চমুকৈ ইউ এন এফ পি এয়ে প্ৰসূতিৰ স্বাস্থ্য তথা পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্ৰগতিক স্বীকৃতি প্ৰদান কৰিছে৷ নতুন দিল্লীত প্ৰসূতিৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই ইউ এন এফ পি এৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে ইউ এন এফ পি এৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাঠ কৰে৷ ডাঃ কানেমে কয় যে ২০০০ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ অনুপাত সত্তৰ শতাংশ হ্ৰাস কৰি ২০৩০ চনৰ পূৰ্বেই ৭০ৰ তলৰ এই অনুপাতৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত দেশখনে উপনীত হোৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে৷ এই উল্লেখযোগ্য অগ্ৰগতিয়ে দেশজু্ৰি হাজাৰ হাজাৰ মহিলাৰ জীৱন ৰক্ষা কৰিছে৷