ভাৰতৰ কফ ছিৰাপৰ বিষক্ৰিয়াWHO-ৰ তদন্তৰ নিৰ্দেশ

0
822

ভাৰতত প্ৰস্তুত কৰা কফ ছিৰাপ সেৱন কৰি বিষক্ৰিয়া সংঘটিত হয়৷ ইয়াৰ বাবে ভাৰতত প্ৰস্তুত কৰা মুঠ সাতটা কফ ছিৰাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইয়াৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা মুঠ ২০ টা কফ ছিৰাপৰ উপাদান পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে৷ কিয়নো সংস্থাটোৰ তৰফৰ পৰা ধাৰণা কৰা হৈছে যে এই কফ ছিৰাপবোৰত থকা উপাদানৰ পৰা বিষক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে কেইমাহমান আগতে সমগ্ৰ বিশ্বজুৰি কফ চিৰাপ সেৱন কৰাৰ ফলত ৩০০টি শিশুৰ মৃত্যু হৈছিল আৰু ইয়াৰ বেছিভাগেই আছিল পশ্চিম আফ্ৰিকাৰ দেশবোৰৰ৷ জানিব পৰা মতে এই পশ্চিম আফ্ৰিকাৰ দেশবোৰলৈ বহু কফ ছিৰাপ ভাৰতৰ পৰা যায়৷ আনহাতে কিছুদিন পূৰ্বে ভাৰতত প্ৰস্তুত কৰা কফ ছিৰাপ সেৱন কৰি উজবেকিস্তান আৰু জাম্বিয়াতো বহু শিশুৰ মৃত্যুৰ দৰে ঘটনা ঘটিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা এই কফ ছিৰাপসমূহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here