ভাৰতৰ এখন ব্যতিক্ৰম গাঁওয’ত প্ৰতিজন পুৰুষেই ৰান্ধনি

0
383


খাদ্য ৰন্ধাটো এক কলা৷ এই কলা সকলোৱে আয়ত্ত কৰি ল’ব নোৱাৰে৷ সেয়েহে কিছুমান লোকে সমগ্ৰ জীৱনটো চেষ্টা চলায়ো ভাল ৰান্ধনি হ’ব নোৱাৰে আৰু কিছুমানে মাত্ৰ কেইদিনমানৰ ভিতৰতে ৰন্ধন শৈলীত পাকৈত হৈ পৰে৷ এইক্ষেত্ৰত অৱশ্যে অলপ ব্যতিক্ৰম এখন গাঁও৷ ভাৰতৰ এই অনন্য গাঁওখনত আছে কেইবাশ ৰান্ধনি৷ গাঁওখনত বাস কৰা প্ৰতিজন পুৰুষেই একো একোজন পাকৈত ৰান্ধনি৷ সেয়েহে বহুতে এই গাঁওখনক ৰান্ধনিৰ গাঁও বুলিও কয়৷ তামিলনাডুৰ ৰামনাথমপুৰম জিলাৰ এই গাঁওখনৰ নাম হ’ল কলায়ুৰ৷ কলায়ুৰত প্ৰৱেশ কৰাৰ লগে লগে আপুনি সুস্বাদু খাদ্যৰ আৰু ইয়াত দিয়া মচলাৰ গোন্ধ লাভ কৰিব৷ কলায়ুৰৰ প্ৰতিঘৰতে কমেও এজনকৈ ৰান্ধনি আছে৷ কেৱল সিমানেই নহয়, গাঁওখনত আছে ভাৰতৰ ভিতৰত আটাইতকৈ পাকৈত ২০০জন ৰান্ধনি৷ এই গাঁওখনত প্ৰায় ৫০০ বছৰৰ আগতে ৰেড্ডিয়াৰ নামৰ এটা জাতিৰ লোকে বাস কৰিছিল৷ তেওঁলোকৰ খাদ্য ৰন্ধাৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকতকৈ নিম্নখাপৰ বুলি গণ্য কৰা ৱানিয়াৰ সম্প্ৰদায়ৰ লোকসকলক৷ তেওঁলোকে খাদ্য ৰন্ধাৰ ভালেমান কৌশল জানিছিল৷ সেই সময়ত খেতি-বাতি তথা ব্যৱসায়-বাণিজ্য সিমান লাভজনক নাছিল আৰু সেয়েহে এই সম্প্ৰদায়টোৰ লোকসকলৰ খাদ্য ৰন্ধাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় আৰু ইয়াৰ জৰিয়তে সংস্থাপনৰ সুযোগো বিচাৰিছিল৷ তেতিয়াৰ পৰাই কলায়ুৰত ৰান্ধনিৰ পৰম্পৰা আৰম্ভ হয়৷ এই গাঁওখনৰ ৰান্ধনিসকলে বছৰৰ প্ৰায় ছমাহ দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত আয়োজন কৰা মেলা আদিত বিভিন্ন সুস্বাদু খাদ্য ৰান্ধি মানুহৰ মন জয় কৰে৷ তেওঁলোকে বিবাহ আদিতো খাদ্য ৰান্ধে৷ তেওঁলোকক প্ৰয়োজনীয় সকলো সামগ্ৰীৰ যোগান ধৰিলে মাত্ৰ তিনি ঘণ্টাৰ ভিতৰত তিনি হাজাৰ লোকৰ খাদ্য প্ৰস্তুত কৰিব পাৰে৷ গাঁওখনত সৰুৰে পৰা ৰান্ধনিৰ প্ৰশিক্ষণ দিয়া হয়৷ সৰ্বপ্ৰথমে শাক-পাচলি কাটিবলৈ শিকোৱা হয়৷ ইয়াৰ লগতে খেতিপথাৰৰ পৰা সতেজ শাক-পাচলি ছিঙিবলৈও শিকোৱা হয়৷ ইয়াৰ পাছত তেওঁলোকক বিভিন্নধৰণৰ সুস্বাদু ব্যঞ্জন ৰান্ধিবলৈ শিকোৱা হয়৷ প্ৰায় দহ বছৰ খাদ্য ৰান্ধিবলৈ শিকোৱাৰ পাছত এজন পূৰ্ণ পৰ্যায়ৰ ৰান্ধনিৰ মৰ্যাদা লাভ কৰে আৰু ৰান্ধনিৰ নিজা দল গঠন কৰি ল’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here