ভাৰতৰ এখন বিচিত্ৰ গাঁওয’ত সকলো সুবিধাই উপলব্ধ

0
271


বিশ্বৰ ভিতৰতে ভাৰত এনেকুৱা এখন দেশ, য’ত মুঠ জনসংখ্যাৰ আধাতকৈ অধিক গ্ৰামাঞ্চলত বাস কৰে৷ গ্ৰামাঞ্চলৰ বিকাশৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰিছে যাতে ইয়াত বাস কৰা লোকসকল শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন দিশত আগুৱাই যাব পাৰে৷ কিন্তু অধিকাংশ গাঁৱৰে অৱস্থা এতিয়াও আশানুৰূপভাৱে উন্নত হোৱা নাই৷ তাৰ মাজতে দুই-এখন গাঁৱে উন্নতিৰ জখলাত দোপতদোপে আগুৱাই গৈছে৷ এই গাঁওখনত থকা সা-সুবিধা দেখি সেয়া গাঁৱেই নে মহানগৰ ভাবিবলৈকে টান লাগে৷ এই হাইটেক গাঁওখনত থকা সা-সুবিধাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷ গাঁওখন ৱাইফাই, স্কুল, কলেজ, নতুন প্ৰযুক্তি কৌশল, ষ্ট্ৰীট লাইট আদি সকলো সা-সুবিধাৰে পৰিপূৰ্ণ৷ ই গাঁওখন দেশৰ আন কেইবাখনো মাহনগৰতকৈও উন্নত৷ গুজৰাটৰ এই গাঁওখনৰ নাম পঞ্চুৰী৷ পঞ্চুৰীত ইমানেই সা-সুবিধা আছে যে আনকি দেশৰ আগশাৰীৰ মহানগৰীতো সেইবোৰ হয়তো পোৱা নাযাব৷ গাঁওখনত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে সকলো ধৰণৰ সা-সুবিধা উপলব্ধ৷ চৰকাৰী বিদ্যালয়ত এচি লগোৱা আছে৷ পাঞ্চুৰীত মুঠতে পাঁচখন স্কুল আছে৷ গাঁওখনৰ লোকসকলে চিকিৎসাৰ বাবে আন স্থানলৈ যোৱাৰ প্ৰয়োজন নাই, কিয়নো ইয়াতে চিকিৎসালয়ো আছে৷ ইয়াৰ লগতে আছে ভ্ৰাম্যমাণ পুথিভঁৰালো৷ ইয়াৰ লগতে বায়’গেছ প্ৰকল্প, বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাও আছে৷ ২০০৬ চনলৈকে গাঁওখনৰ অৱস্থা সিমান উন্নত নাছিল, কিন্তু সেই সময়তে হিমাংশু পেটেলে গাঁওখনৰ চাৰপাঞ্চ পদত অধিষ্ঠিত হয়৷ তেওঁ মাত্ৰ আঠ বছৰত ১৬ কোটি টকা ব্যয় কৰি পাঞ্চুৰীক আধুনিক ৰূপ দিয়ে৷ গাঁওখন পৰিদৰ্শনৰ বাবে আন স্থানৰ পৰাও লোক আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here