পুষ্টিকৰ আহাৰ সকলোৰে বাবে বিশেষকৈ উদীয়মান ল’ৰা-ছোৱালীৰ বাবে অতি প্ৰয়োজনীয় যদিও ভাৰতৰ অধিকাংশ লোকপুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত৷ ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে৷ প্ৰতিবেদনখনত প্ৰকাশ কৰা অনুসৰি ভাৰতৰ প্ৰায় ১০০ কোটি লোকেই অত্যধিক দামৰ কাৰণে পুষ্টিকৰ আহাৰ যোগাৰ কৰিব নোৱাৰে৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনে [এফ এ অ’] প্ৰকাশ কৰা ষ্টেট অব্ ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন [এছ অ’ এফ আই] শীৰ্ষক প্ৰতিবেদনখনত কোৱা হৈছে যে ২০২০ চনত ৭৬ শতাংশ লোকে পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰিব পৰা নাছিল৷ আনহাতে ২০২১ চনত ৭৪ শতাংশ লোকে, অৰ্থাৎ প্ৰায় ১০০ কোটি লোকে পুষ্টিকৰ আহাৰ যোগাৰ কৰিবলৈ অপৰাগ হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে খাদ্য সামগ্ৰীৰ দাম যিটো গতিত বৃদ্ধি পাইছে সেই অনুপাতত মানুহৰ আয় বৃদ্ধি হোৱা নাই৷ ভাৰতত পুষ্টিকৰ খাদ্যত দৈনিক জনমূৰি খৰচ প্ৰায় ২৫০ টকা৷ ভাৰতৰ চুবুৰীয়া দেশত এই ব্যয় ্য২৬৭ টকা, পাকিস্তানত ৩২৫ টকা আৰু ভুটানত ৪৪১ টকা৷ নেপালত এজন ব্যক্তিয়ে পুষ্টিকৰ আহাৰ খোৱাৰ বাবদ প্ৰতি দিনে ব্যয় কৰিবলগীয়া হয় ৩৬৭ টকা আৰু শ্ৰীলংকাত ৩৫০ টকা৷ পাকিস্তানত ৮২ শতাংশ লোকে পুষ্টিকৰ খাদ্যৰ যোগাৰ কৰিব নোৱাৰে৷ কিন্তু এই দিশত ভাৰততকৈ বাংলাদেশৰ অৱস্থা ভাল৷ দেশৰ ৬৬ শতাংশ লোকে পুষ্টিকৰ খাদ্যৰ যোগাৰ কৰিবলৈ অক্ষম৷ ২০২২ত শিশুৰ উচ্চতা অনুপাতে ওজন কম হোৱাৰ হাৰ ভাৰতৰ সৰ্বাধিক আছিল৷ পাঁচ বছৰতকৈ কম বয়সৰ প্ৰায় ২.১ কোটি বা ১৮.৭ শতাংশ শিশুৱে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল৷ এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা শিশুৰ সংখ্যা আফগানিস্তানত ৩ লাখ, বাংলাদেশত ১৪ লাখ, ইৰানত ৩ লাখ, নেপালত ২০ লাখ, শ্ৰীলংকাত ৩ লাখ আৰু পাকিস্তানত ২১ লাখ৷ ভাৰতত ০-৩ বছৰৰ মাতৃদুগ্ধ পান কৰা শিশুৰ হাৰ ৬৩.৭ শতাংশ, যিটো বিশ্ব পৰ্যায়তকৈ [৪৭.৭ শতাংশ] অধিক৷ বিশ্বত ২০২২ বৰ্ষত ৭৩.৫ কোটি লোকে ক্ষুধাতুৰ আছিল৷ ইয়াৰে ৪০ কোটিতকৈ অধিক লোক এছিয়াৰ আৰু ৩১ কোটি লোক দক্ষিণ এছিয়াৰ৷