ভাৰতীয় বিজ্ঞানীৰ গৱেষণাই কেঞ্চাৰযুক্তব্ৰেইন টিউমাৰৰ চিকিৎসাত সহায়ক হ’ব

0
238

আমেৰিকাৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ছেন ফ্ৰেন্সিছকো মেডিকেল চেণ্টাৰৰ বিজ্ঞানীসকলে মগজুৰ কেঞ্চাৰ ৰোগৰ সম্পৰ্কত কৰা গৱেষণাই এই ৰোগত ভোগা লোকসকলৰ চিকিৎসাত বৃহৎ সহায় কৰিব বুলি আশা কৰা হৈছে৷ তেওঁলোকে কেঞ্চাৰ কোষবোৰে মগজুৰ সুস্থ কোষবোৰৰ সম্পৰ্কলৈ আহি কেনেকৈ অতি সক্ৰিয় হৈ পৰে আৰু ইয়াৰ ফলত ৰোগীৰ বোধশক্তি কেনেকৈ নোহোৱা হৈ পৰে আৰু আনকি মৃত্যুৰ মুখতো পৰে সেই বিষয়ে জনাৰ চেষ্টা কৰিছিল৷ তেওঁলোকৰ এই গৱেষণাই কেঞ্চাৰযুক্ত ব্ৰেইন টিউমাৰৰ চিকিৎসাত বৃহৎ সহায় কৰিব বুলি আশা কৰা হৈছে৷ ভাৰতীয় বিজ্ঞানী সৰিতা কৃষ্ণৰ নেতৃত্বৰ গৱেষকৰ দলটোৱে এই কথাও জানিব পাৰে যে মগজুৰ বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধে টিউমাৰ কোষবোৰৰ অতি সক্ৰিয়তাক হ্ৰাস কৰা আৰু সেইবিলাকৰ বৃদ্ধিত বাধা দিয়াত সহায় কৰে৷ এই গৱেষণাৰ বিষয়ে নেচাৰ নামৰ বিজ্ঞান বাৰ্তালোচনীখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পাইছে৷ বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে মগজুৰ সুস্থ কোষ আৰু কেঞ্চাৰযুক্ত কোষবোৰৰ মাজৰ সম্পৰ্কক টিউমাৰ বৃদ্ধিত বাধা দিয়া তথা ইয়াক হ্ৰাস কৰাৰ বাবে সলনি কৰিব পাৰি৷ তেওঁলোকে কৰা গৱেষণাৰ ফল গ্লিয়’ব্লাষ্ট’মাত ভোগা ৰোগীৰ বাবে অধিক লাভদায়ক হ’ব বুলি কোৱা হৈছে৷ উল্লেখ্য যে গ্লিয়’ব্লাষ্ট’মা প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত অধিক প্ৰাণঘাতক৷ কেৰালাৰ তিৰুৱনন্তপুৰমৰ কৃষ্ণাই সংবাদ প্ৰতিষ্ঠানৰ আগত কয় যে তেওঁলোকে গৱেষণাত অপ্ৰত্যাশিত ফল লাভ কৰে৷ ইয়াৰ পৰা জানিব পৰা মতে, বিপজ্জনক কেঞ্চাৰ কোষবোৰে মগজুৰ কলাৰ গাঁথনিত এনেকুৱা পৰিৱৰ্তন সাধন কৰিব পাৰে, যাৰ ফলত সেইবিলাক অধিক সক্ৰিয় হৈ পৰে৷ ইয়াৰ ফলত ৰোগীৰ বোধশক্তি হ্ৰাস পোৱাৰ লগতে জীৱন কালো হ্ৰাস পায়৷ ড॰ সৰিতাৰ মতে, তেওঁলোকে কৰা গৱেষণাই গ্লিয়’ব্লাষ্ট’মাৰ দৰে ৰোগৰ চিকিৎসাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here