ভাৰতীয় এমবিবিএছ ডিগ্ৰীধাৰীয়ে বিদেশতোলাভ কৰিব চিকিৎসা প্ৰদানৰ সুবিধা

0
432


ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এম বি বি এছ ডিগ্ৰীধাৰীসকলৰ বাবে সুখবৰ৷ এতিয়াৰ পৰা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰীয়ে অৰ্থাৎ এম বি বি এছে বিদেশৰ মাটিতো চিকিৎসা সেৱা আগবঢ়াব পাৰিব৷ ৱল্ডৰ্ ফেডাৰেশ্যন ফৰ মেডিকেল এডুকেশ্যন চমুকৈ ডব্লিউ এফ এম ই-ৰ পৰা ভাৰতৰ নেশ্যনেল মেডিকেল কমিছন বা এন এম টিয়ে ১০ বছৰৰ বাবে স্বীকৃতি লাভ কৰাৰ পাছত ভাৰতীয় চিকিৎসা বিজ্ঞানৰ স্নাতকসকলে এই সুবিধা লাভ কৰিব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা জানিবলৈ দিয়ে৷ এনে স্বীকৃতিৰ ফলত ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাসকলে এতিয়াৰ পৰা আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন বা প্ৰেকটিছ কৰিব পাৰিব৷ ইয়াৰ লগতে এইবোৰ দেশত ভাৰতীয় চিকিৎসকলে চিকিৎসা সেৱাও আগবঢ়াব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here