ভাৰতসহ ২৮খন দেশৰ কৃত্ৰিমবুদ্ধিমত্তাৰ বিপদক লৈ বিশ্বৰ প্ৰথমখন চুক্তি

0
123


ইউনাইটেড কিংডমত [ইউ কে] অনুষ্ঠিত এখন সন্মিলনত ভাৰতকে ধৰি ২৮খন দেশ আৰু ইউৰোপিয়ান ইউনিয়নে [ই ইউ] কৃত্ৰিম বুদ্ধিমত্তা [আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, চমুকৈ আই এ] সম্পৰ্কীয় বিশ্বৰ প্ৰথমখন চুক্তিত স্বাক্ষৰ কৰে৷ এই চুক্তিখনত কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত বিপদবোৰৰ মূল্যায়নৰ বাবে একেলগে কাম কৰিবলৈ অংগীকাৰ কৰা হৈছে৷ ব্লেচ্‌লি পাৰ্কত দুদিনীয়া ‘এ আই ছেফ্‌টি ছামিট ২০২৩’ আৰম্ভ হয়৷ এটা বিবৃতিত ইউ কেৰ চৰকাৰে কয় যে এই চুক্তিখনক ব্লেচ্‌লি ঘোষণা পত্ৰ বুলি জনা যাব৷ ইউ কেৰ প্ৰধানমন্ত্ৰী ঋষি সুনকে কয় যে এই ঘোষণা পত্ৰখন এক উল্লেখযোগ্য সফলতা৷ কৃত্তিম বুদ্ধিমত্তাৰ বিপদবোৰ জৰুৰীভাৱে বুজাত এই চুক্তিখনে সহায় কৰিব আৰু আমাৰ সন্তানসকল আৰু নাতিপুতিসকলৰ দীৰ্ঘকালীন ভৱিষ্যৎ নিশ্চিত কৰাত সহায় কৰিব৷ ভাৰতৰ হৈ সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে৷ নিজৰ ভাষণত চন্দ্ৰশেখৰে কয় যে ভাৰতে সুৰক্ষা বিশ্বাস আৰু দায়বদ্ধতাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত গুৰুত্ব দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here