বিশ্বৰ প্ৰায় সকলো দেশেই প্ৰদূষণৰ কবলত পৰিছে৷ সমগ্ৰ বিশ্বতে ভয়ানকভাৱে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা৷ যাৰ ফলত দৈনিক ন ন বেমাৰৰ সৃষ্টি হৈছে, মানুহ শাৰীৰিক তথা মানসিকভাৱে চিকাৰ হৈছে এই প্ৰদূষণত৷ এই প্ৰদূষণ সৃষ্টি মূলতঃ মানুহেই অৰিহণা যোগাইছে আৰু বৰ্তমান বিশ্বই ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে৷ মন কৰিবলগীয়া কথা যে বিশ্বৰ ৫০খন সবাতোকৈ প্ৰদূষিত চহৰৰ ভিতৰত ৩৫খনেই ভাৰতৰ৷ ইয়াৰ ভিতৰত শীৰ্ষত আছে ৰাজস্থানৰ ভিৱাৰী চহৰ৷ দ্বিতীয় স্থানত উত্তৰ প্ৰদেশৰ গাজিয়াবাদ থকাৰ বিপৰীতে চতুৰ্থ স্থান অধিকাৰ কৰিছে নতুন দিল্লীয়ে৷ ৱল্ডৰ্ এয়াৰ কোৱালিটিয়ে প্ৰকাশ কৰা এই প্ৰতিবেদনত বায়ু প্ৰদূষণৰ মান নিৰ্ণয় কৰা হৈছে আৰু বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ চহৰসমূহে স্থান কৰা বিষয়টোৱে সকলোকে ভবাই তুলিছে৷ আনহাতে প্ৰতিবেদনখনত আন এক ভয়ংকৰ তথ্য সদৰী কৰিছে৷ উক্ত প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰদূশিথ বায়ুৱে গৰ্ভস্থ সন্তানৰ বাবে বিপদাশংকা কঢ়িয়াই আনিছে৷ বায়ু প্ৰদূষণৰ ফলত গৰ্ভস্থ শিশুৰ প্ৰাণ হানি হোৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা সদৰী কৰিছে উক্ত প্ৰতিবেদনে৷ জনা মতে ভাৰতত ভায়ু প্ৰদূষণ এতিয়া ইমানেই ভয়ংকৰ হৈ পৰিছে যে বায়ু প্ৰতিশোধক যন্ত্ৰও অৰ্থহীন হৈ পৰিছে৷ প্ৰতেবেদনত উল্লেখ কৰা মতে ভাৰতত বাহিৰতকৈ ঘৰৰ ভিতৰত সৰ্বাধিক বায়ু প্ৰদূষণ পৰিলক্ষিত হৈছে৷ যাৰ ফলস্বৰূপে গৰ্ভৱতী মহিলাসকল প্ৰদূষণৰ চিকাৰ হ’বলগীয়া হৈছে৷