ভাৰতত ২০৫০ চনলৈ ৭০০শতাংশলৈ গ্ৰীষ্ম প্ৰৱাহ বৃদ্ধি পাব

0
609


পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে ভাৰতত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে৷ ভাৰত চৰকাৰৰ অধীনৰ এটা প্ৰতিষ্ঠানে কৰা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটোৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০৫০ চনলৈ দেশৰ উত্তৰ-পশ্চিমৰ অঞ্চলবোৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ ৪০০%ৰ পৰা ৭০০% পৰ্যন্ত বৃদ্ধি পাব৷ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ মহামানা চেণ্টাৰ ফল এক্সিলেন্সে জলবায়ু পৰিৱৰ্তনক লৈ কৰা অধ্যয়নৰ পাছত এই মত প্ৰকাশ কৰিছে যে ভাৰতত ২০৫০-৬০ চনলৈ গ্ৰীষ্ম প্ৰৱাহে সকলো অভিলেখ ভংগ কৰিব৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এটা নতুন বিশ্লেষণৰ পৰা এই বুলি আশংকা প্ৰকাশ কৰিছে যে সমগ্ৰ দেশৰে নগৰ, মহানগৰবোৰৰ উষ্ণতা অধিক বৃদ্ধি পাব৷ দেশৰ উত্তৰ-পশ্চিম, মধ্য আৰু দক্ষিণ-মধ্য অংশত গ্ৰীষ্ম প্ৰৱাহৰ মূল কেন্দ্ৰ হৈ পৰিব৷ সমগ্ৰ দেশতে প্ৰচণ্ড গৰম পৰিব৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে ২০৪০ চনত চৰম ৰূপ ল’বগৈ৷ ই মানুহৰ স্বাস্থ্য, কৃষি আৰু আন্তঃগাঁথনিত গভীৰ প্ৰভাৱ পেলাব৷ প্ৰতিবেদনখনৰ মতে, চলিত শতিকাৰ মাজভাগত গ্ৰীনহাউছ গেছৰ নিৰ্গমণ চৰম পৰ্যায়ত উপনীত হ’ব আৰু তাৰ পাছত শতিকাৰ শেষলৈ ক্ৰমে হ্ৰাস পাবলৈ ধৰিব৷ অনাগত বছৰবোৰত গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব৷ ২০৬০ চনলৈকে প্ৰতিটো বৰ্ষত দুবাৰকৈ গ্ৰীষ্ম প্ৰৱাহ হোৱাৰ আশংকা কৰা হৈছে৷ গ্ৰীষ্ম প্ৰৱাহৰ কাল ১২ৰপৰা ১৮ দিন বৃদ্ধি পাব৷ উত্তৰ-পশ্চিম ভাৰতত প্ৰতি বৰ্ষত প্ৰায় ৩০ দিনীয়া চাৰিটা গ্ৰীষ্ম প্ৰৱাহ হোৱাৰ আশংকা কৰা হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এজন বিষয়াই কয় যে এনেধৰণৰ তথ্য লাভ কৰাৰ পাছত জলবায়ু পৰিৱৰ্তনে প্ৰভাৱ পেলাব পৰা নগৰ তথা মহানগৰসমূহৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা হ’ব আৰু এই ক্ষেত্ৰত ৰাজ্য আৰু স্থানীয় প্ৰশাসনকো চামিল কৰা হ’ব৷ তেওঁৰ মতে কেন্দ্ৰীয় চৰকাৰে সকলো নগৰ-মহানগৰৰ বাবে গ্ৰীষ্ম কাৰ্য আঁচনি প্ৰস্তুত কৰা আৰু আটাইতকৈ বেছি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰাৰ কাৰণে গ্ৰীষ্ম পিয়লৰ কাম আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here