ভাৰতত শিশুৰ ওপৰত জীৱাশ্ম ইন্ধনৰ ভয়াৱহ প্ৰভাৱ

0
93

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দিনক দিনে প্ৰদূষণৰ মাত্ৰা অত্যধিক পৰিমাণে বাঢ়ি আছে৷ তাৰ ভিতৰত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, জল প্ৰদূষণ, ইন্ধনৰ ফলত হোৱা প্ৰদূষণ আদি উল্লেখযোগ্য৷ এইধৰণৰ প্ৰদূষণৰ ফলত বছৰি ভাৰতত কেইবা হাজাৰ লোকৰ প্ৰাণহানি হয়৷ আনহাতে ভাৰতত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ যান-বাহনৰ সংখ্যা বৃদ্ধি, কল-কাৰখানা, ধোৱা, ধূলি আদিয়ে পৰিৱেশ দূষিত কৰি তুলিছে৷ বিশেষকৈ ভাৰতত বায়ু প্ৰদূষণে শিশুসকলৰ ক্ষেত্ৰত ঘাতকৰূপে দেখা দিছে৷ বায়ু প্ৰদূষণ যে ৰাস্তা-ঘাট বা ঘৰৰ বাহিৰতহে হয়, তেনে নহয়৷ ঘৰৰ ভিতৰতে বায়ু প্ৰদূষণৰ প্ৰভাৱ পৰে৷ অৰ্থাৎ শিশুসকলৰ ক্ষেত্ৰত ঘৰৰ ভিতৰতে বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ পৰে৷ হাৰিয়ানাৰ কৰ্নাল বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা এক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ অধ্যয়নত প্ৰকাশ পোৱা মতে ভাৰতত এহেজাৰ শিশুৰ ভিতৰত ২৭টি শিশুৰ জীৱাশ্ম ইন্ধনৰ প্ৰভাৱত প্ৰাণহানি হয়৷ উক্ত গৱেষণাটো প্ৰকাশ পাইছে জাৰ্নাল অব ইকন’মিক বিহেভিয়াৰ এণ্ড অৰ্গেনাইজেশ্যনত৷ উক্ত গৱেষণাত এক আচৰিত তথ্য প্ৰকাশ পাইছে৷ গৱেষকে জনোৱা মতে বাহিৰত নহয়, ঘৰৰ ভিতৰতে খাদ্য প্ৰস্তুতৰ সময়ত নিৰ্গত হোৱা ধোঁৱাৰ পৰা প্ৰদূষিত হৈ প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ২৭টি শিশু মুত্যুমুখত পৰে আৰু এয়া জীৱাশ্ম ইন্ধনৰ কুফল বুলি গৱেষকে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here