ভাৰতত বিশ্বৰ বৃহত্তমধ্যান কেন্দ্ৰ মুকলি

0
221


দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ ওমৰাহাত বিশ্বৰ বৃহত্তম ধ্যান কেন্দ্ৰ [মেডিটেশ্যন চেণ্টাৰ] স্বৰবেদ মহামন্দিৰ উদ্বোধন কৰে৷ এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উপস্থিত আছিল৷ এই সাত মহলা ধ্যান কেন্দ্ৰটো উদ্বোধন কৰাৰ পাছত মোদীয়ে একেলগে বিছ হাজাৰ লোকে যোগাসন কৰিব পৰা কেন্দ্ৰটো পৰিদৰ্শন কৰে৷ উল্লেখ্য যে এই কেন্দ্ৰটোৰ গম্বুজ পদুমৰ ১২৫ পাহৰ আকৃতিৰে সজোৱা হৈছে৷ বাৰাণসীৰ পৰা ১২ কিলোমিটাৰ আঁতৰৰ ওমৰাহাত অৱস্থিত এই মন্দিৰটো ৩০০০০০ বৰ্গফুট মাটিকালিৰে আৱৰি আছে৷ উল্লেখ্য যে ২০০৪ চনত সদগুৰু আচাৰ্য স্বতন্ত্ৰ দেৱ আৰু সন্ত প্ৰৱাৰ বিজ্ঞানদেৱে এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল৷ মন্দিৰটোত আছে চেগুন কাঠৰ মূধচ আৰু দুৱাৰ৷ তদুপৰি আছে ১০১ টা পানীৰ ফোৱাৰা৷ মোদীয়ে কেন্দ্ৰটো উদ্বোধন কৰি কয় যে পৰাধীনতাৰ সময়ত যিবিলাক শোষকে ভাৰতক দুৰ্বল কৰিবলৈ চেষ্টা চলাইছিল, তেওঁলোকে প্ৰথমতে আমাৰ প্ৰতীকবোৰক লক্ষ্য কৰি লৈছিল৷ দেশৰ স্বাধীনতাৰ পাছত এই সাংস্কৃতিক প্ৰতীকবোৰৰ পুনৰ নিৰ্মাণৰ প্ৰয়োজন হৈছে৷ আনহাতে তেওঁ লগতে আশা ব্যক্ত কৰে যে এই ধ্যান কেন্দ্ৰৰ জৰিয়তে শাৰীৰিক তথা মানসিক সূৰক্ষা প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে ৰোগ ব্যাধি তথা মানসিক স্বাস্থ্য সবল কৰাৰ সুবিধা লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here