ভাৰতত পোৱা গ’ল বিশ্বৰপ্ৰাচীনতম ডাইনছ’ৰৰ জীৱাশ্ম

0
601

 জীৱজগতত হাজাৰ হাজাৰ প্ৰজাতিৰ প্ৰতি কৌতূহলৰ মানুহৰ সীমা সংখ্যা নাই৷ আজি বহু প্ৰাণী এই পৃথিৱীৰ পৰা সম্পূৰ্ণ অবলুপ্ত হৈ গৈছে৷ এই বিলুপ্তি হোৱা প্ৰাণীবোৰ কিদৰে জীয়াই আছিল বা এইবোৰৰ জীৱন ধাৰণ কিধৰণৰ আছিল, জৈৱ-বৈচিত্ৰ্যৰ ওপৰত কিদৰে পৰভাৱ বিস্তাৰ কৰিছিল৷ এই সকলো বিচাৰ-বিশ্লেষণ মানুহৰ মনত কৌতূহলৰ বিভিন্ন প্ৰশ্ন উঠে৷ মানুহে জীৱিত প্ৰাণীবোৰক লৈ জনাৰ আগ্ৰহ তথা বিলুপ্তি হোৱাৰ প্ৰাণীবোৰৰ সম্পৰ্কে জনাৰ প্ৰবল হাবিয়াস থাকে৷ এসময়ত সাম্ৰাজ্য বিস্তাৰ কৰা তেনে এবিধ বিশালকায় প্ৰাণী ডাইনছ’ৰৰ বিষয়েও মানুহৰ আগ্ৰহ তুংগত৷ এই প্ৰাণীবিধৰ নানা বৈশিষ্ট্য তথা প্ৰাণীবিধ সম্পৰ্কে নিত্য নতুন আৱিষ্কাৰ হৈয়ে আছে৷ সম্প্ৰতি এটা গৱেষণাত পোৱা গৈছে এক নতুন তথ্য৷ ভাৰতৰ থৰ মৰুভূমিত নতুন প্ৰজাতিৰ ডাইনছ’ৰৰ খোজ পোৱা হৈছে৷ ইয়াৰ নাম দিয়া হৈছে থাৰোছৰাছ ইণ্ডিকাছ৷ উল্লেখ্য যে ২০১৮ চনত জিঅ’লজিকেল ছাৰ্ভে অব্‌ ইণ্ডিয়াই ৰাজস্থানৰ জয়ছালমিৰৰ পাথৰত এটা জীৱাশ্ম অনুসন্ধান কাৰ্যক্ৰম আৰম্ভ কৰিছিল৷ তাতেই ডাইনছ’ৰৰ অথবা ইয়াৰ সমসাময়িক প্ৰাণীৰ জীৱাশ্ম উদ্ধাৰ হ’ব পাৰে বুলি অনুমান কৰিছিল বিজ্ঞানীয়ে৷ আনহাতে থৰ মৰুভূমিত খনন কাৰ্য চলোৱাৰ সময়ত জি এছ আই তথা আই আই টি ৰুৰকীৰ দলৰ সদস্যসকলে সম্পূৰ্ণ নতুন প্ৰজাতিৰ, দীঘল গলযুক্ত ডাইনছ’ৰৰ জীৱাশ্মৰ উপস্থিতি ধৰা পেলায়৷ বিজ্ঞানীসকলে অনুমান কৰা মতে এই জীৱাশ্ম প্ৰাগৈতিহাসিক যুগৰ৷ প্ৰায় ১৬৭ মিলিয়ন বছৰ আগেয়ে পৃথিৱীত ৰাজত্ব চলাইছিল এই ডাইনছ’ৰে৷ আনহাতে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিৰ ডাইনছ’ৰৰ জীৱাশ্মৰ সন্ধান পোৱা গৈছে৷ যিহেতু প্ৰথমবাৰৰ বাবে থৰ মৰুভূমিত এই প্ৰজাতিৰ ডাইনছ’ৰৰ জীৱাশ্ম উদ্ধাৰ হৈছে, সেয়ে ধাৰণা কৰা হৈছে যে ইয়াৰ উৎপত্তি ভাৰততেই হৈছিল৷ সামঞ্জস্য থকালৈ লক্ষ্য কৰি সেয়ে ইয়াৰ নামো দিয়া হৈছে থাৰোছৰাছ ইণ্ডিকাছ নামেৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here