সমগ্ৰ বিশ্বতে দিনক দিনে মাংকিপক্সৰ ভয়াৱহতা বৃদ্ধি পাইছে৷ এই মাৰাত্মক ৰোগবিধৰ সংক্ৰমণ এখন দেশৰ পৰা সিখন দেশলৈ সংক্ৰমণ অব্যাহত আছে৷ মাংকিপক্সৰ ভয়াৱহতা তথা সংক্ৰমণ বৃদ্ধিৰ কথা চলি থকাৰ মাজতে ভাৰতবৰ্ষত দ্বিতীয়জন মাংকিপক্সত আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হৈছে৷ এয়া সমগ্ৰ দেশবাসীৰ বাবে কিন্তু অশনি সংকেত৷ মাংকিপক্স অৰ্থাৎ এমপক্সত দেশৰ দ্বিতীয়জন ব্যক্তি আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে ইউ এ ই ভ্ৰমণ সামৰি অহা কেৰালাৰ মালাপুৰমৰ এগৰাকী ৩৮ বছৰীয়া লোক মাংকিপক্স ভাইৰাছত আক্ৰান্ত হোৱা বুলি কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে জানিবলৈ দিয়ে৷ মাংকিপক্সত আক্ৰান্ত হোৱা বুলি জনাৰ পাছত ব্যক্তিজনক মেডিকেল প্ৰটকল অনুসৰি চৰকাৰী মঞ্জেৰী মেডিকেল কলেজ হস্পিটেলত আছুতীয়াকৈ ৰখাত ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ লগতে কোনো ব্যক্তিয়ে যাতে তেওঁৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ প্ৰতিও নজৰ ৰখা হৈছে৷ উল্লেখ্য যে ইয়াৰ আগেয়ে এই ৰাজ্যতে ভাৰতৰ প্ৰথমজন মাংকিপক্সত আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হৈছিল৷ সেয়ে এই ৰোগৰ সংক্ৰমণ তথা ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে৷