যোগ ব্যায়াম বা যোগশাস্ত্ৰ কি? মানুহৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ কিমান? পোনপ্ৰথমে ভাৰতত আৱিষ্কৃত এই শাস্ত্ৰ কিয় বিশ্বজুৰি বিখ্যাত৷ এইধৰণৰ বিভিন্ন প্ৰশ্ন মনত উদয় হ’ব পাৰে৷ যোগ ব্যায়াম সাধাৰণতে আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ উপযোগিতাৰ ভাণ্ডাৰৰ সন্মুখ দ্বাৰ৷ যি দুৱাৰৰ ভিতৰত আছে সুস্বাস্থ্যৰ খনি৷ বহুতেই ভাবে যে যোগ ব্যায়াম কৰাটো সহজ কথা নহয়, শৰীৰৰ নমনীয়তা নাথাকিলে যোগ ব্যায়াম কৰা নাযায়৷ এইটো আচলতে এটা ভ্ৰান্ত ধাৰণাহে৷ সৰু কালৰ পৰাই ৮০ বছৰ বয়সীয়ায়ো যোগ ব্যায়াম কৰিব পাৰে তথা ইয়াৰ উপকাৰিতা লাভ কৰিব পাৰে৷ যোগশাস্ত্ৰ এক পাঁচ হাজাৰ বছৰ পুৰণি ব্যায়াম শৃংখলা, যি কেৱল ভাৰতত প্ৰথমে আৱিষ্কাৰ হৈছিল৷ শৰীৰৰ সৈতে মনৰ সংযোগ ঘটোৱাৰ কাৰণে এই শাস্ত্ৰ আৱিষ্কাৰ কৰা হয়৷ মানুহৰ মন সাংঘাতিক চঞ্চল আৰু শৰীৰ আজন্ম ভংগুৰ৷ মানুহৰ বয়সৰ বঢ়াৰ লগে লগে শৰীৰ আৰু মনৰ দূৰত্ব বাঢ়ি যায়৷ যোগশাস্ত্ৰৰ বিভিন্ন ধৰণৰ আসনৰ শৰণাপন্ন হৈ মানুহে শৰীৰ আৰু মনৰ এই দূৰত্ব নোহোৱা কৰিব পাৰে আমৃত্যুকাল অবধিভাৱে৷ যোগৰ বিভিন্ন ধৰণবোৰৰ মাজত কিছুমান খুব শক্ত, শৰীৰৰ নমমীয়তা নাথাকিলে এইবোৰ দৈনন্দিন জীৱনৰ অংশ কৰিবলৈ অত্যন্ত কঠিন হৈ পৰে৷ আনহাতে যোগৰ আন কিছুমান ধৰণবোৰ খুব শান্তি প্ৰদায়ক আৰু সহজ, যিয়ে মেডিটেশ্যনৰ কাৰণে উপযোগী৷ যোগ ব্যায়াম আচলতে নিজৰ ওপৰত নিজৰেই নিয়ন্ত্ৰণ নেহেৰুৱাৰ শাস্ত্ৰ৷ সেয়ে শৰীৰৰ জৰা, ব্যাধি হওক বা মনৰ অসুখ৷ এই সকলোবোৰ নিজৰ আত্মাৰ গৰাকী নিজেই হৈ উঠে যোগৰ জৰিয়তে৷