ভাৰতক কোনে ‘লেবৰেটৰী’ বুলি অভিহিত কৰিলে

0
35

ভাৰতক লেবৰেটৰী বুলি আখ্যা দিছে মাইক্ৰ’ছফটৰ সহপ্ৰতিষ্ঠাতা বিল গেটছে৷ সম্প্ৰতি এক অনুষ্ঠানত এই মন্তব্য কৰাৰ পাছত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে তেওঁ৷ ভাৰতীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমত কোৱা হৈছে যে ৰেইড হফমেনৰ সৈতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তাত তেওঁ ভাৰতৰ উন্নতিৰ প্ৰশংসা কৰিছিল৷ আৰু সেই সময়তে গেটছে কৈছিল যে কোনো কিছুৱে চেষ্টা কৰাৰ বাবে ভাৰত আচলতে একধৰণৰ লেবৰেটৰী বুলি কৈছিল৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতক গিনিপিগৰ সৈতে তুলনা কৰা বুলি সমালোচকে দাবী কৰিছে৷ তাত গেটছে কৈছিল যে ভাৰত এনে এখন দেশ, য’ত বহুতো প্ৰত্যাহবান থকা সত্ত্বেও স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতি হৈছে৷ অনাগত ২০ বছৰ পাছত ইয়াৰ মানুহ আৰু উন্নতিৰ জখলাত আগুৱাই ভাল অৱস্থাপ্ৰাপ্ত হ’ব৷ ভাৰত আচলতে এটা লেবৰেটৰী, য’ত বিভিন্নধৰণৰ ট্ৰায়েলৰ পাছত তাৰ ফলাফল অন্যত্ৰ প্ৰয়োগ কৰা যায়৷ বিল গেটছে সম্প্ৰতি কৰা এই মন্তব্য মাইক্ৰ’ ব্লগিং ছাইট এক্সে চেয়াৰ কৰাৰ পাছত ভাৰতত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে তেওঁ৷ তেওঁ বিৰুদ্ধে উঠা অভিযোগ মতে গেটছ ফাউণ্ডেশ্যনৰ দৰে সংস্থাবোৰে ভাৰত আৰু আফ্ৰিকাৰ দৰে উন্নয়নশীল দেশবোৰক গৱেষণাৰ কাৰণেহে ব্যৱহাৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here