ভাৰতক কভিড ভেকচিনৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব?

0
2676

ভাৰতত কৰ’না ভাইৰাছৰ ভেক্‌চিন বিতৰণৰ বাবে অহা বছৰত প্ৰায় ৮০ হাজাৰ কোটি টকাৰ বৃহৎ পুঁজিৰ প্ৰয়োজন হ’ব৷ দেশখনত অক্স বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভেক্‌চিন উৎপাদন কৰি থকা ছিৰাম ইন্‌ষ্টিটিউটে এই কথা প্ৰকাশ কৰে৷ প্ৰতিষ্ঠানটোৰ সঞ্চালক সতীশ ডি ৰাৱেটকাৰে এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে অহা এবছৰৰ ভিতৰত ৩০ কোটি স্বাস্থ্যকৰ্মী, দুই কোটি কৰ’না যোদ্ধা আৰু ২৭ কোটি ৫০ ৰ ঊধবৰ্ৰ আৰু ৫০ বছৰৰ কম বয়সৰ ৰুগীয়া লোকক এই ভেক্‌চিন দিয়া হ’ব৷ ইফালে লণ্ডনৰ পৰা প্ৰকাশিত এখন বাতৰিকাকতে কয় যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভেক্‌চিনৰ ব্ৰিটেইনত ২৮ বা ২৯ ডিচেম্বৰত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে বাতৰিকাকতখনে লগতে প্ৰকাশ কৰে যে ভাৰতত এই ভেক্‌চিনৰ ৫ কোটিতকৈ অধিক ড’জ প্ৰস্তুত কৰা হৈছে৷ ব্ৰিটেইনে অক্সফ’ৰ্ড এষ্ট্ৰ’জেনেকাৰ ভেক্‌চিনৰ ১০ কোটি ড’জৰ অৰ্ডাৰ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here