ভাল টোপনি বিচাৰে নেকি ? তেন্তে এইবোৰ খাওক

0
55

সু-স্বাস্থ্যৰ বাবে ভাল টোপনি অহাটো খুবেই প্ৰয়োজন৷ ভাল টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ লগত মোকাবিলা কৰিবৰ বাবে আপোনাৰ শৰীৰটোক সাজু কৰি তোলে৷ কিন্তু আজিকালি স্বাস্থ্যসন্মত লাইফষ্টাইল নোহোৱাৰ ফলত আমাৰ খোৱা, শোৱাৰ সময় সলনি হৈ অনিদ্ৰা, অৱসাদ আদিয়ে আগুৰি ধৰে৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কিছুমান খাদ্য, যাক খোৱাৰ লগে লগে ভাল টোপনি আহিব৷ অৱশ্যে এই খাদ্যসমূহ ভাত খাই উঠিয়েই খোৱাটো বা এইবোৰ খাদ্য খাই লগে লগে বিছনালৈ যোৱাটো উচিত নহয়৷
ৰাতি গাখীৰ খোৱাটো খুবেই ভাল৷ ইয়াত প্ৰচুৰ পৰিমাণে Tryptophan, কেলচিয়াম, ভিটামিন-ডি আৰু মেলাটনিন পোৱা যায়, যিয়ে ভাল টোপনি অহাত অৰিহণা যোগায়৷ ইয়াৰ লগত এচিকুট হালধি মিশ্ৰণ কৰিলে ই আপোনাৰ স্নায়ুসমূহক আৰাম প্ৰদান কৰি ভাল টোপনি অহাত সহায় কৰে৷
আলমণ্ডত থকা মেলাটনিনে ভাল টোপনি অহাত সহায় কৰে লগতে ইয়াত থকা মেগনেচিয়ামে স্ত্ৰেচ হৰমন কৰ্টিছল নিঃসৰণৰ পৰিমাণ কমাই দিয়ে, যিয়ে টোপনিত ব্যাঘাত জন্মাব পাৰে৷
কলত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম, পটাচিয়াম, ভিটামিন-বি ৬, ফাইবাৰ, Tryptophan আদি পোৱা যায়৷ যিয়ে মাংসপেশী তথা স্নায়ুসমূহক আৰাম প্ৰদান কৰি ভাল টোপনি অহাত অৰিহণা যোগায়৷
কেম’মাইল টীত Apigenin থাকে, এই এণ্টিঅক্সিডেণ্টে অনিদ্ৰা দূৰ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here