ভাত খোৱাৰ সময়ত আমি সকলোৱে পানী খোৱাটো এটা সাধাৰণ কথা৷ কিছুমানে ভাত খাই থাকোঁতে খাদ্যৰ সৈতে আধা লিটাৰ পৰ্যন্ত পানী সেৱন কৰে৷ কিন্তু আমি নাজানো যে ভাত খোৱাৰ সময়ত পানী খোৱাটো কিমান অনিষ্টকাৰক৷ এনে এটা কু-অভ্যাস আমাৰ সকলোৰে কম-বেছি পৰিমাণে আছে৷ আমি খাদ্য খাওঁতে ওলোৱা পাচক ৰসে প্ৰাকৃতিক নিয়মেৰে নিজে নিজেই খাদ্যবস্তুবোৰ পাকস্থলীলৈ ঠেলি নিয়াৰ পৰা হজম কৰালৈকে সকলো কাম কৰে৷ কিন্তু পানী আহাৰৰ লগত খালে খাদ্যবস্তুবোৰ পাচক ৰসৰ লগত মিলিব নোৱাৰে৷ এনে খাদ্যবস্তু পোনে পোনে পাকস্থলীলৈ যোৱাৰ বাবে হজম নহয় আৰু গেছৰ সৃষ্টি কৰে৷ ফলত আলচাৰজাতীয় বেমাৰৰ সৃষ্টি হয়৷ পাছলৈ ইয়ে কেঞ্চাৰ ৰোগৰ কাৰণ হ’ব পাৰে৷ আমি জনা উচিত যে ভাত খোৱাৰ এক বা ডেৰ ঘণ্টা আগত বা এঘণ্টা পাছতহে পানী খোৱাটো উচিত৷ ভাত খোৱাৰ লগে লগে পানী খাব নালাগে৷ খাদ্যবস্তু বা ভাত কেইবাবাৰো চোবাইহে খাব লাগে৷ তেনে কৰিলে ই সহজতে হজম হয়৷ কেতিয়াবা ভাত খোৱাৰ সময়ত আহাৰ ডিঙিত লাগি ধৰিব পাৰে, তেতিয়া আমি গৰম পানীহে খোৱা উচিত৷