ভাত খোৱাৰ পাছতেই এইবোৰ কেতিয়াও নকৰিব

0
985
অসমীয়া সমাজত দুপৰীয়াৰ ভাতসাঁজৰ কথাই সুকীয়া৷ মাছ, মাংস, কণী, তৰকাৰী, চালাড আদি বিভিন্ন ব্যঞ্জনেৰে পৰিপূৰ্ণ দুপৰীয়াৰ সাঁজৰ পাতত বহি উদৰ পূৰাই খাই আমি তৃপ্তি লাভ কৰোঁ৷ এইদৰে পেট পূৰাই ভাত খাই উঠি তামোল এচালি মুখত লৈ জিৰণি লোৱাটো আমাৰ সকলোৰে এটা অভ্যাস৷ কিন্তু কিছুমানৰ ভাত খাই উঠিয়েই কিছুমান কুঅভ্যাস গঢ় লৈ উঠে, যিয়ে আমাৰ অজ্ঞাতে শৰীৰটোৰ ক্ষতি কৰে৷ সেয়েহে ভাত খাই উঠিয়েই আমি কি কি কৰা অনুচিত জানো আহক৷

[১] বহুতেই ভাত খাই উঠিয়েই ফল খায়৷ কিন্তু ডায়েটিচিয়ানৰ মতে ভাত খোৱাৰ অন্ততঃ আধা ঘণ্টা পাছত ফল খাব লাগে৷ নহ’লে আপোনাৰ হজমৰ সমস্যাই দেখা দিব পাৰে৷

Young man eating breakfast outdoors. bowl full of fruits. Healthy eating, closeup. stock photo 709f3518-879c-48f7-bb2b-50bca3da0e62


[২] ভাত খাই উঠিয়েই গা ধুব নালাগে৷ মনত ৰাখিব ভাত খোৱাৰ পাছত আমাৰ শৰীৰৰ মেটাবলিজম বাঢ়ি যায়, যিয়ে হজমত সহায় কৰে৷ যদি সেই সময়তে আমি গা ধোওঁঁ, তেন্তে শৰীৰৰ তাপমাত্ৰা কমি যায়৷ যাৰ ফলত মেটাবলিজম কমি যাব পাৰে৷

Bathing damage after eating | ePosts Newspaper - find and browse through varies useful information


[৩] বহুতৰে ক্ষেত্ৰত ভাত খাই উঠিয়েই বিছনালৈ যোৱাৰ অভ্যাসে গঢ় লয়৷ ইয়াৰ ফলত মেদবহুলতাৰ সমস্যাই দেখা দিব পাৰে৷ ভাত খোৱাৰ পাছত অন্ততঃ ৪০ মিনিটমান পাছতহে বিছনালৈ যাওক৷

How to Get Good Sleep at Night - 15 Tips for You


[8] আপোনাৰ যদি ভাত খোৱাৰ পাছতেই চাহ খোৱাৰ অভ্যাস, তেন্তে এই বদঅভ্যাস আজিয়েই ত্যাগ কৰক৷ চাহত থকা টানিক এচিডে খাদ্যৰ প্ৰ’টিনক ১০০ গুণ বঢ়াই তোলে৷ সেয়েহে এই অভ্যাস ত্যাগ কৰাটো মংগলজনক৷

Is drinking tea after the meal is good or bad - lifealth

LEAVE A REPLY

Please enter your comment!
Please enter your name here