ভাতৰ মাৰৰ উপকাৰ জানিলে আচৰিত হ’ব ?

0
82

ভাতৰ মাৰ বা ভাত সিজোৱাৰ পাছত ইয়াৰ পৰা ওলোৱা তৰলখিনি এটা পাত্ৰত অলপ নিমখ মিহলাই খোৱাৰ আমোদেই বেলেগ৷ আগৰ দিনত এই চাউল সিজোৱা পানী বা ভাতৰ মাৰ খোৱাৰ এটা নিয়মেই আছিল৷ কিন্তু বৰ্তমান সময়ত ল’ৰা-ছোৱালীয়ে ভাতৰ মাৰ কি চিনিকেই নাপায়৷ অৱশ্যে তাহানিৰ ভাতৰ মাৰ আৰু আজিৰ কেমিকেলযুক্ত চাউলৰ পৰা পোৱা ভাতৰ মাৰৰ যথেষ্ট পাৰ্থক্য আছে৷ যি ভাতৰ মাৰ খালে হয়তো স্বাস্থ্য উপযোগী হোৱাতকৈ ৰোগৰহে সৃষ্টি কৰিবও পাৰে৷ যি কি নহওক, চাউলৰ যি গুণাগুণ থাকে, তাৰ সিংহভাগেই এই পানীৰ সৈতে পেলাই দিয়াই হয়৷ যাৰ কাৰণে ভাতৰ পৰা যিমান পৰিমাণৰ পুষ্টি পাব লাগিছিল, তাক পোৱা নাযায়৷ গৱেষণাৰ পৰা দেখা গৈছে যে শৰীৰ তথা ছালৰ সুস্থ কৰি ৰখাত ভাতৰ মাৰৰ বিকল্প নাই৷ ভাতৰ মাৰত এণ্টিঅক্সিডেণ্ট, খনিজ, ভিটামিন-ই আদি উপাদানে শৰীৰৰ গঠনত বিশেষ ভূমিকা লয়৷ আনকি সৌন্দৰ্যচৰ্চাকে ধৰি একাধিক ৰোগৰ পৰাও ভাতৰ মাৰে আমাৰ ৰক্ষা কৰিব পাৰে৷
গা ধোৱাৰ আগে আগে চুলিখিনিত ভাতৰ মাৰ লগাওক৷ কিছু সময় এইদৰে ৰাখি পাছত কুহুমীয়া পানীৰে চুলিখিনি ভালদৰে ধুই দিব৷ এনে কৰিলে চুলিৰ গুৰিৰ পুষ্টিৰ অভাৱ দূৰ হয়৷ যাৰ ফলত চুলি সৰা, চুলিৰ উজ্জ্বলতা বৃদ্ধি, স্কাল্প সম্পৰ্কীয় সমস্যাবোৰ পৰা সমাধান পোৱা যায়৷
ভাতৰ মাৰক প্ৰাকৃতিক টোনাৰ হিচাপে জনা যায়৷ প্ৰতিদিনে মুখত ভাতৰ মাৰ লগালে বা বাতৰ মাৰেৰে মুখত মাছাজ কৰিলে ছালৰ ছিদ্ৰবোৰ সৰু হয়৷ ছালৰ ওপৰত জমা হোৱা মৃত কোষৰ আৱৰণ ভাতৰ মাৰে নোহোৱা কৰে৷ যাৰ কাৰণে স্বাভাৱিকভাৱে ছাল সুন্দৰ হৈ উঠে৷
প্ৰতিদিনে দুবাৰকৈ মুখখনত ভাতৰ মাৰ লগালে ব্ৰুনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াত থকা এণ্টিইনফ্লেমেটৰি উপাদানে ছালৰ ভিতৰৰ প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰে৷ যাৰ বাবে স্বাভাৱিকভাৱে মুখত ব্ৰুন ওলোৱা কমি যায়৷
পানীৰ দৰে পায়খানা হ’লে, ইয়াৰ লগতে পেটৰ বিষ হ’লে ভাতৰ মাৰ খোৱাৰ ব্যৱস্থা কৰক৷ দেখিব কিছু সময়ৰ পাছতে সকাহ পাইছে৷ আচলতে পেট বেয়াৰ সময়ত এক গ্লাছ ভাতৰ মাৰত অলপ নিমখ মিহলাই খালে শৰীৰৰ উপকাৰী খনিজৰ মাত্ৰা বাঢ়িবলৈ ধৰে৷ ফলত ৰোগৰ প্ৰকোপ কমি যায়৷
শৰীৰচৰ্চাৰ আগতে এক গ্লাছ ভাতৰ মাৰ খালে শৰীৰৰ আঠটা উপকাৰী এমাইন’ এচিডৰ মাত্ৰা বৃদ্ধি পায়৷ যিয়ে এক্সাৰচাইজৰ সময়ত পেশীৰ গঠনত বিশেষ ভূমিকা পালন কৰে৷ ইয়াৰ উপৰি ভাতৰ মাৰত থকা কাৰ্বহাইড্ৰেটে এনাৰ্জিৰ অভাৱ দূৰ কৰে৷
একাধিক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মিতভাৱে দুগিলাচ ভাতৰ মাৰ খোৱাৰ অভ্যাস কৰিলে বাওৱেল মুভমেণ্ট উন্নত হয়৷ ইয়াৰ ফলত স্বাভাৱিকভাৱে কোষ্ঠকাঠিন্যৰ পৰা উপশম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here