কেইমাহমান আগতে তিব্বতত ভূমিকম্পৰ তীব্ৰ জোকাৰণিত সৃষ্টি হৈছিল, যাৰ ফলত সেই অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছিল৷ তেতিয়াই টেকটনিক প্লেটক লৈ আলোচিত হৈছিল৷ শেহতীয়াভাৱে এই সম্পৰ্কত ভূতাত্ত্বিকবিদে এই সাৱধানবাণী শুনাইছে যে ভাৰতীয় টেকটনিক প্লেট ভাঙি দুই ভাগত বিভক্ত হৈ যাব পাৰে৷ এই আশংকা ক্ৰমশঃ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই আশংকাৰ কৰাৰ দৰে হয়, তেন্তে এই ক্ষেত্ৰত লাদাখ, উত্তৰাখণ্ড, ছিকিম, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ একাংশ অঞ্চল ভাৰতীয় মানচিত্ৰৰ পৰা নিশ্চিহ্ন হৈ যাব পাৰে৷ এই দাবী কৰিছে বিজ্ঞানীয়ে৷ সম্প্ৰতি বিজ্ঞানীয়ে দাবী কৰিছে যে এই মুহূৰ্তত ভাৰতীয় টেকটনিক প্লেট ডিলেমিনেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হৈ আছে৷ দেখা হৈছে যে গভীৰ নিম্নাংশটো অগভীৰ ঊধৰ্বাংশৰ পৰা বিচ্ছিন্ন হৈ গৈছে৷ ইউৰেচিয়ান প্লেটৰ সৈতে সংঘৰ্ষৰ ফলতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই বিচ্ছিন্নতা খুব সহজ পদ্ধতি নহয়৷ উল্লেখ্য যে পৃথিৱীৰ গভীৰতাত অত্যন্ত জটিল চলনৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ চিনা বিশ্ববিদ্যালয়ৰ ভূতত্ত্ববিদ লিন লিউয়ৰ নেতৃত্বত এক গৱেষকৰ দলে পৰীক্ষা কৰি লাভ কৰিছে দক্ষিণ তিব্বতৰ ভূকম্প সংক্ৰান্তীয় বহুতো তথ্য৷ এই পৰীক্ষাৰ তথ্যৰ পৰা পৰিষ্কাৰ হৈছে যে ভাৰতৰ বহুতো অংশ অবিচ্ছিন্ন থাকিলেও এশ কিলোমিটাৰ গভীৰ অংশত ফাট মেলা দেখা গৈছে৷ সময়ত লগে লগে এই ফাট বিস্তাৰিত হৈ দেশখন দুটা ভাগত বিভক্ত হৈ পৰি দুটা সুকীয়া অংশত ভাগ হ’ব পাৰে৷ ইয়াৰ প্ৰভাৱ হিমালয়ৰ ওপৰতো পৰিব৷ উল্লেখ্য যে হিমালয়ৰ উৎপত্তি ভাৰতীয় আৰু ইউৰেচিয়ামৰ প্লেটৰ সংঘৰ্ষতে সৃষ্টি হৈছিল৷