কম তেলতে ৰন্ধা বনাবলৈ ননষ্টিক বাচনৰ ব্যৱহাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ সুস্বাদু তথা মুখৰোচক ব্যঞ্জন তথা ভজা-পোৰা, চপ, কাটলেট আদি বনাবলৈ বহুতেই এয়াৰ ফ্ৰায়াৰ ব্যৱহাৰ কৰে৷ এই সঁজুলিবিধত এইধৰণৰ খাদ্য বনালে খুব কম সময়তে তথা কম তেলেৰে বনাব পাৰি আৰু ইয়াৰ বনালে ব্যঞ্জনখন অতি সুস্বাদুও হয়৷ ৰন্ধন প্ৰণালীত এইবিধ সঁজুলি যিমান উপকাৰী সিমানেই ইয়াৰ কিছু বেয়া তথা স্বাস্থ্যকৰ গুণে আছে৷ সেয়ে জনাটো দৰকাৰ যে কি কাৰণত ৰন্ধন প্ৰকৰণত ব্যৱহৃত এইবিধ সামগ্ৰীৰ পৰা সতৰ্কতা অৱলম্বন কৰিব লাগে৷ জানিব পৰা গৈছে যে উচ্চ তাপমাত্ৰাত এয়াৰ ফ্ৰায়াৰত এক্ৰিলামাইড, পলিছাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বনসহ বহুতো ৰাসায়নিক উপাদান প্ৰস্তুত হয়, যি শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক৷ খোৱা খাদ্যত এমাইন’ এচিড আৰু চেনি উচ্চ তাপমাত্ৰাত বিক্ৰিয়া কৰি এক্ৰিলামাইড প্ৰস্তুত কৰে, যি কেঞ্চাৰৰ সম্ভাৱনা বঢ়াই দিয়ে৷ আনহাতে উচ্চ তাপত ৰন্ধা খাদ্যত এনে কিছু পৰিৱৰ্তন হয়, যিয়ে খাদ্যৰ পুষ্টিৰ মাত্ৰা কমাই দিয়ে৷ তেনেধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰৰ ক্নান্তিৰ ভাব বাঢ়ি যাব পাৰে৷ এয়াৰ ফ্ৰায়াৰত ভজা খাদ্য ইমানেই মৰমৰিয়া হয় যে এই ভজা খাদ্যত ভিটামিন আৰু খনিজ উপাদান নষ্ট হৈ যায়৷ যিমানেই কম তেলত ভজা নহওক লাগিলে এই খাদ্য খালে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব নোৱাৰে৷ এয়াৰ ফ্ৰায়াৰত মাছ ভাজিলে তাত কলেষ্টৰেল এক্সিডেশ্যন বাঢ়ি যায়৷ এনে কিছু উপাদানত তৈয়াৰ হয়, যিয়ে হৃদৰোগৰ আশংকা বঢ়াই দিয়ে৷