বৰাক, উজনি অসমতো হ’ব মিছন স্মাইল অভিযান কেন্দ্ৰ || Mission Smile campaign centres in Barak Valley and upper Assam also

0
285
উজনি অসম আৰু বৰাক উপত্যকাতো শিশুৰ ফটা ওঁঠ-তালুৰ চিকিৎসা কেন্দ্ৰ মুকলিৰ পৰিকল্পনা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়স্থিত ক্লেফ্‌ট কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি মিছন স্মাইলৰ অধীনত ৰাজ্যৰ ফটা ওঁঠ-তালুৰ শিশুসকললৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বুজ লয়৷ ক্লেফ্‌ট কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কালত উজনি অসম আৰু বৰাকত অনুৰূপ চেণ্টাৰ মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ কথা স্বাস্থ্য মন্ত্ৰীজনে উল্লেখ কৰে৷ অসম চৰকাৰ আৰু স্মাইল ইণ্ডিয়াৰ যৌথ সহযোগিতাত পৰিচালিত কেন্দ্ৰটোৱে ২০১০ চনৰ পৰা জন্মগত ফটা ওঁঠ-তালুৰ শিশুসকলক বিনামূলীয়া অস্ত্ৰোপচাৰেৰে সুস্থ কৰি তোলাৰ লগতে তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙোৱাৰ মহত্ত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে৷ স্বাস্থ্য মন্ত্ৰীজনে কেন্দ্ৰটোত যোৱা ১৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলি থকা সপ্তদশ গুৱাহাটী শিশুৰ ফটা ওঁঠ-তালুৰ অস্ত্ৰোপচাৰ অভিযান পৰ্যবেক্ষণ কৰে৷ তদুপৰি স্বাস্থ্য মন্ত্ৰী মহন্তই শিশুৰ ওঁঠ-তালুৰ ফাট যতন কেন্দ্ৰৰ অস্ত্ৰোপচাৰ কক্ষও পৰিদৰ্শন কৰি চিকিৎসাধীন শিশুসকলক দেখা কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে মত বিনিময় কৰি মিছন স্মাইলৰ অধীনত তেওঁলোকৰ ওঁঠ-তালুৰ জন্মগত ফাট আঁতৰোৱাৰ বাবে লোৱা কাৰ্যব্যৱস্থাৰ বিষয়ে খবৰ কৰে৷ আনহাতে উজনি অসম আৰু বৰাক উপত্যকাৰ দুখীয়া পৰিয়ালৰ এনে শিশুসকলক গুৱাহাটীলৈ নহাকৈ ওচৰতে মিছন স্মাইলৰ অধীনৰ সেৱা আগবঢ়োৱাৰ বিষয়েও বিবেচনা কৰি থকা বুলি স্বাস্থ্য মন্ত্ৰীজনে প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here