মন ভালে থাকিলে মানুহৰ কৰ্মস্পৃহা বাঢ়ে৷ মন ভালে থাকিলে কাম কৰাৰ প্ৰতি ধাউতি বাঢ়ে আৰু কাম কৰাৰ শক্তি পোৱা যায়৷ এনে সময়ত যিকোনো কঠিন কামো অনায়াসে কৰিব পৰাৰ শক্তি শৰীৰত জাগে৷ কিন্তু মন-মেজাজ ভাগি গ’লে বা মন ভালে নাথাকিলে কোনো কামৰ প্ৰতি আগ্ৰহ নজন্মে৷ যিমানে গুৰুত্বপূৰ্ণ কাম নহওক লাগিলে পাছলৈ ঠেলি থোৱা হয়৷ এনে অৱস্থাত গাৰ জোৰত কাম সম্পাদন কৰিলেও ভুল হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ আনহাতে বৰষুণৰ বতৰ বা আকাশ মেঘাচ্ছন্ন হৈ থাকিলে মন-মেজাজ বেয়া হয়৷ আচলতে বেয়া বতৰত মনৰ এনেয়ে এইধৰণৰ পৰিৱৰ্তন নহয়৷ ইয়াৰ আঁৰত কিছু কাৰণ নিহিত হৈ থাকে৷ একেৰাহে কেইবাদিনো ধৰি বৰষুণ দি থকাৰ প্ৰায়ভাগ লোকৰে মন ভালে নাথাকে৷ এই সময়ছোৱাত বহুতৰে মনৰ উজ্জ্বলতা নোহোৱা হৈ মন সেমেকি থাকে৷ ইথিওপিয়াৰ এক গৱেষণাত দেখা গৈছে যে প্ৰায় ৯ শতাংশ মানুহে ৰীতিমতে বৰষুণ অপচন্দ কৰে৷ বৰষুুণ হ’লে এওঁলোকৰ মনত শান্তি বিঘ্নিত হয়৷ আনকি এইসকলৰ লোকৰ বৰষুণৰ বতৰত কাম-কামো ঠিকমতে হৈ নুঠে৷ কিন্তু ইয়াৰ বাবে জানো বৰষুণ দায়ী৷ ইয়াৰ আঁৰত আমাৰ শৰীৰত এক কাৰণ লুকাই আছে৷ জানিব পৰা মতে ছেৰোটোনিন নামৰ এবিধ হৰমনে আমাৰ মন ভালে ৰখাত সহায় কৰে৷ জনা মতে পোহৰৰ সৈতে এই হৰমনৰ এক সম্বন্ধ আছে৷ এই হৰমনৰ ক্ষৰণ বাঢ়িলে মনটোও প্ৰফুল্লিত হৈ থাকে৷ বৰষুণৰ দিয়াৰ সময়ত আকাশত মেঘ থাকে, কিন্তু পোহৰ বা সূৰ্যৰ ৰশ্মি ভালকৈ পোৱা নাযায়৷ ইয়াৰ ফলত এই হৰমনবিধৰ ক্ষৰণ কমি যায়৷ যাৰ বাবে আমাৰ মন ভালে নাথাকে, অৰ্থাৎ মন বেয়াৰ ফালে ঢাল খায়৷ সেয়ে যিমান দিনলৈ বৰষুণ দি থাকে সিমানদিনে মন-মেজাজ ভালে নাথাকে৷