বৰফৰ গলনত বাহিৰলৈআহিব ‘যমদূত’ৰূপী জম্বী ভাইৰাছ

0
158


বিশ্বৰ জলবায়ু অভূতপূৰ্বভাৱে পৰিৱৰ্তন হৈছে৷ ইয়াৰ ফলত মেৰু অঞ্চলত অভাৱনীয়ভাৱে বৰফ গলিবলৈ আৰম্ভ কৰিছে৷ হিমবাহবোৰ খণ্ড-বিখণ্ডিত হৈ ভাঙি যাব ধৰিছে৷ ইয়াৰ ফলত এই হিমবাহ তথা বৰফৰ গভীৰত থকা ভাইৰাছ তথা জীৱাণু সহজে বাহিৰ ওলাই পাৰিছে আৰু বিস্তৃতি লাভ কৰিছে৷ ইয়াৰ ভিতৰত ৪৮ হাজাৰ ৫০০ বছৰ পুৰণি জম্বি নামৰ ভয়ংকৰ ভাইৰাছবিধ সক্ৰিয় হৈ উঠা ফলত আৰু বৰফৰ তলৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা চলইছে৷ এই মাৰাত্মক ভাইৰাছবিধ এবাৰ সম্পূৰ্ণ সক্ৰিয় হ’লে গোটেই বিশ্বই অতি মহামাৰীৰ সন্মুখীন হ’ব লাগিব৷ বিজ্ঞানীয়ে বৰফৰ মাজত এই ভাইৰাছৰ সন্ধান লাভ কৰিছে৷ জানিব পৰা মতে বিশ্বত যিমানবোৰ ভাইৰাছ আছে, তাৰ ভিতৰত সকলোতকৈ ভয়ংকৰ এই পানডোৰা ভাইৰাছবিধ৷ আনহাতে জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰতিনিয়ত তাপমাত্ৰা বৃদ্ধি পাইছে৷ জনা গৈছে এইদৰে হোৱা পৰিৱৰ্তনৰ বাবে কেইবা হাজাৰ বছৰ ৰ হিমশীতল পাৰ্মাফ্ৰষ্ট গলি যাবলৈ ধৰিছে৷ এই পাৰ্মাফ্ৰষ্ট হ’ল পৃথিৱীৰ উপৰিভাগত বৰফৰ স্তৰৰ তলত ঘেৰ থকা মাটিৰ তৰপ৷ ইয়াৰ ফলত সেই বৰফৰ মিশ্ৰিত মাটিৰ তলত ইমান বছৰে সুপ্ত বেক্টেৰিয়া, ভাইৰাছ ওলাই বিশ্বত বিভিন্ন মাৰাত্মক ৰোগ বিয়পোৱাত কাৰক হৈ পৰিছে৷ বিজ্ঞানীয়ে জনোৱা মতে পৃথিৱীৰ বেছিভাগ পাৰ্মাফ্ৰেষ্ট সঞ্চিত হৈ আছে উত্তৰ গোলাৰ্ধৰ আৰ্কটিক অঞ্চলত৷ সাধাৰণতে এই অঞ্চলত যেতিয়া প্ৰাণীৰ মৃত্যু হয়, সাধাৰণ প্ৰাণীৰ দৰে মৃতদেহবোৰ মাটিত মিহলি হৈ নাযায়৷ এইবোৰ বৰফ মাজত সোমাই পৰে আৰু এই মৃত জীৱবোৰ দেহত থকা ভাইৰাছ, বেক্টেৰিয়া আদি ইয়াতে সুপ্ত অৱস্থাত ৰৈ যায়৷ শেহতীয়াভাৱে দ্ৰুতগতিত জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে বৰফ গলাৰ ফলত এই জীৱাণুবোৰ বাহিৰ ওলাবলৈ সুবিধা পোৱাৰ হেতু বিশ্ববাসীৰ কাৰণে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here