বৰফে কিদৰে ছালখনৰযতনত সহায় কৰে?

0
440


যেতিয়াই ছালৰ যত্নৰ কথা আহে, তেতিয়া সকলোৱে কেৱল মুখৰ মসৃণতা তথা উজ্জ্বলতাৰ কথাহে ভাবিবলৈ লয়৷ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ, বায়ু প্ৰদূষণ, অস্বাস্থ্যকৰ জীৱ-যাপন, মানসিক চাপ, খাদ্যাভ্যাস আদি বিভিন্ন কাৰণত মুখ বা শৰীৰৰ ছালখনৰ সমস্যা বা ৰুগীয়া হ’ব পাৰে৷ ব্ৰুন, বলিৰেখা, ছালৰ শুষ্কতা, ছালৰ অনুজ্জ্বল, ছালৰ ক’লা দাগ আদিবোৰ ছালখন দেখিবলৈ কুশ্ৰী কৰে৷ ইয়াৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয় যদিও কাৰ্যক্ষেত্ৰত সঠিকভাৱে সুফল পোৱা নায়ায়৷ ইয়াৰ বাবে একেবাৰে ঘৰুৱাভাৱে ফেচ আইচিং ব্যৱহাৰ কৰিব পাৰে৷ ফেচ আইচিং স্বাস্থ্যকৰ, উজ্জ্বল তথা পিম্পল মুক্ত ছাল পোৱাৰ অন্যতম সহজ উপায়৷ যদিও আজিকালি বজাৰত ছালৰ যত্নৰ বাবে বিভিন্ন পণ্য পোৱা যায়৷ আপুনি খৰচ নোহোৱাকৈয়ে ঘৰতে প্ৰস্তুত কৰি ছালখনৰ যত্ন ল’ব পাৰে৷ সামান্য বৰফ ব্যৱহাৰ কৰিলেই ছালখন উজ্জ্বল তথা মসৃণ হ’ব৷ ইয়াৰ বাবে কিদৰে বৰফ ব্যৱহাৰ কৰিব৷
ছালত বৰফ প্ৰয়োগ কৰাৰ ফলত ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ যাৰ বাবে ব্ৰুন কমোৱাত তথা নিৰাময় কৰাত সহায় কৰে৷
মুখত বৰফ লগালে আপুনি কোনো ব্ৰাছ বা হাইলাইটাৰ অবিহনে উজ্জ্বল ছাল পাব পাৰে৷ মুখত বৰফ ঘঁহাৰ ফলত মুখৰ ছালৰ ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত অক্সিজেনৰ প্ৰবাহ বাঢ়ি ছালৰ প্ৰাকৃতিক আভা পাব পাৰি৷
নিয়মিতভাৱে মুখত বৰফ লগালে চকুৰ ফুলা ভাব নোহোৱা হয়৷ ইয়াৰ লগতে চকু ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷
ৰ’দে পোৰা ছালৰ বাবে বৰফ ব্যৱহাৰ কৰাটো এটা দুৰ্দান্ত উপায়৷ কাৰণ মুখখনত সূৰ্যৰ উত্তাপৰ বাবে সৃষ্টি হোৱা ৰঙা পৰা ভাব আৰু ফুলা ভাব নিৰাময় কৰাত বৰফে সহায় কৰে, যিয়ে আপোনাৰ ছালখনক প্ৰশমিত কৰে৷
চকুৰ তলত পৰা ডাৰ্ক চাৰ্কলৰ সমস্যা নিৰাময় বাবে বৰফ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে গোলাপ জলৰ সৈতে বৰফৰ টুকুৰা মিহলাই ডাৰ্ক চাৰ্কলত লগালে ইয়াৰ পৰা সহজে মুক্তি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here