ব্ৰংকাইটিছ ৰোগ হ’লে কি কৰিব?

0
2458

ব্ৰংকাইটিছ হৈছে শ্বাসনলীৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ৷ অস্বাস্থ্যকৰ পৰিৱেশ, ধূলি-বালি, ঠাণ্ডা লগা আদিৰ পৰা এই ৰোগ হয়৷ সাধাৰণতে শিশু আৰু বয়স্ক ব্যক্তিৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়৷ এবাৰ ব্ৰংকাইটিছ হ’লে ই পুনৰ হোৱাৰ সম্ভাৱনা থাকে৷ ধূম্ৰপান, অস্বাস্থ্যকৰ পৰিৱেশ, কল-কাৰখানা, যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱা, ধূলি আদি এই ৰোগৰ কাৰণ হিচাপে গণ্য কৰা হয়৷ ঠাণ্ডাত এই ৰোগ বেছি হয়৷ এই ৰোগৰ লক্ষণ হিচাপে অতিপাত কাহ হয় আৰু কাহোঁতে মুখৰ বৰণ নীলা হৈ যায়৷ কাহোঁতে বুকুত বিষ অনুভৱ হয়৷ জ্বৰ হৈ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু উশাহ-নিশাহ লোৱাত কষ্ট হয়৷ ইয়াৰ প্ৰতিকাৰ হিচাপে হালধিৰ গুড়ি এচামুচ গৰুৰ গাখীৰৰ লগত মিহলাই দিনে তিনিবাৰকৈ খালে এই ৰোগ নিৰ্মূল হয়৷ আমলখিৰ গুটি খুন্দি খালে ব্ৰংকাইটিছ ৰোগ ভাল হয়৷ আদাৰ ৰস, মৌ জোল আৰু ক’লা তুলসীৰ পাতৰ ৰসৰ মিশ্ৰণ খালেও এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি৷ শুকান আদা, জালুক আৰু পিপলি একেলগে খুন্দি দিনত তিনিবাৰকৈ খালেও সুফল পোৱা যায়৷ বগা বাহক পাতৰ ৰস বিশ গ্ৰামকৈ দুবাৰ খালেও ৰোগ উপশম হয়৷ কল, মধুৰিআম, অত্যধিক মিঠা খোৱাটো অনুচিত৷ ৰোগীয়ে পুষ্টিকৰ খাদ্য খাব লাগে লগতে ঠাণ্ডা বস্তু খাব নালাগে৷ মদ্যপান, ধূমপান আদি সেৱনৰ পৰা বিৰত থাকিব লাগে৷ ৰোগীজনে ডাক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী

LEAVE A REPLY

Please enter your comment!
Please enter your name here