ব্লেক হেডছ দূৰ কৰাৰ এইবোৰ ঘৰুৱা উপায়

0
70

ছালৰ পৰিচৰ্যাৰ কাৰণে ৰাসায়নিক মিহলি প্ৰসাধন নহয়, ঘৰুৱাভাৱে পোৱা বস্তুৰ ওপৰত ভৰসা কৰিব পাৰি৷ মুখৰ মুখ্য সমস্যাবোৰৰ ভিতৰত ব্লেক হেডছৰ সমস্যাও অন্যতম৷ দিনৰ পাছত দিন ধৰি ছালৰ সৰু সৰু ছিদ্ৰবোৰত ধূলি, তেল, ময়লা আদি জমা হৈ থাকে৷ নিয়মিতভাৱে এক্সফোলিয়েট নকৰিলে মুখত ব্লেক হেডছে দেখা দিব পাৰে৷ আনহাতে যিসকলৰ মুখৰ ছাল তৈলাক্ত, তেনে মুখত এই সমস্যাই দেখা দিব পাৰে৷ এই ব্লেক হেডছ উঠাবলৈ আঠাজাতীয় কাগজৰ দৰে বস্তুটো নাকৰ ওপৰত লগাই দি ব্লেক হেডছ উঠাবলৈ যত্ন কৰা হয় যদিও এনে অৱস্থাত ছালত কষ্ট পাই সাংঘাতিক যন্ত্ৰণাত ভোগা হয়৷ লগতে সম্পূৰ্ণভাৱে উঠাব পৰা নাযায়৷ সেয়ে এইধৰণৰ কষ্ট নোহোৱাকৈ ঘৰুৱা কিছু উপাদান ব্যৱহাৰ কৰি ব্লেক হেডছৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
এচামুচ বেকিং ছ’ডাৰ সৈতে দুচামুচ পানী মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো নাকৰ ওপৰত লগাই ২০ মিনিটমান ৰৈ দিব৷ তাৰ পাছত কুহুমীয়া পানীৰে ভালদৰে ধুই দিব৷ লক্ষ্য কৰিব ব্লেক হেডছ পৰিষ্কাৰ হৈ গৈছে৷
বেকিং ছ’ডাৰ দৰে এটা পাত্ৰত এচামুচ গ্ৰীন টী দুচামুচ পানী মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো ব্লেক হেডছ হোৱা অংশত ১৫ মিনিটমান লগাই ৰাখক৷ তাৰ পাছত কুহুমীয়া পানীৰে ভালদৰে ধুই পেলাওক৷ দেখিব লাহে লাহে ব্লেক হেডছ আঁতৰি হৈছে৷
এটা কণীৰ বগা অংশৰ সৈতে দুচামুচ মৌ মিহলাই লওক৷ এতিয়া এই পেষ্টটো নাকৰ ব্লেক হেডছ হোৱা ঠাইত ভালদৰে লগাই দিয়ক৷ শুকাই যোৱাৰ পাছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিব৷ এইদৰে ব্যৱহাৰ কৰাৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে ব্লেক হেডছৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব৷
ৰাতি শোৱাৰ আগতে বিলাহীৰ পেষ্ট বনাই গোটেই মুখত লগাই দিব৷ পুৱা শুই উঠি পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ অলপ দিনৰ পৰা মন কৰিব ব্লেক হেডছবোৰ নোহোৱা হোৱাৰ উপৰি ছালৰ উজ্জ্বলতা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here