ব্লাড ছুগাৰ টেষ্টত কোনটো আঙুলিৰ পৰা তেল লোৱা উচিত ?

0
39

ডায়েবেটিছ এনে এবিধ ৰোগ, যি দিনক দিনে সমগ্ৰ বিশ্বতে ছানি ধৰিছে৷ যি ৰোগে নেকি মহামাৰীৰ আকাৰ লৈছে আমাৰ দেশ ভাৰতবৰ্ষতো৷ এই ভয়াৱহ ৰোগত দিনে অসংখ্য লোক চিকাৰ হৈছে৷ এই ৰোগত আক্ৰান্ত হোৱাৰ বিভিন্ন কাৰণ আছে৷ ডায়েবেটিছ এনে ৰোগ, যাক ৰক্ত শৰ্কৰাৰ উচ্চ মাত্ৰাৰ দ্বাৰা চিনাক্ত কৰা হয়৷ শৰীৰৰ ইনছুলিনৰ উৎপাদন তথা ব্যৱহাৰত অক্ষমতাৰ কাৰণে মধুমেহ বা ডায়েবেটিছ ৰোগ হয়৷ এই মহামাৰী সদৃশ ডায়েবেটিছ ৰোগৰ যদি সঠিক সময়ত চিকিৎসা কৰা নহয়, শৰীৰৰ ৰক্তনলী, স্নায়ু, কিডনী তথা অন্যান্য বিভিন্ন অংগৰ ক্ষতি হ’ব পাৰে৷ চকৰি দৃষ্টিশক্তি হেৰুওৱা, হাত-ভৰিৰ অসাৰতাৰ দৰে বিভিন্ন জটিলতা বাঢ়িব পাৰে৷ হাৰ্ট এটেক, ষ্ট্ৰ’কৰ দৰে সম্ভাৱনা বাঢ়িব পাৰে৷ এইধৰণৰ লাইফষ্টাইলজনিত ৰোগৰ ক্ষেত্ৰত যথেষ্ট সাৱধান বা সতৰ্ক হোৱাৰ অতি প্ৰয়োজন৷ ডায়েবেটিছ আক্ৰান্ত বিষয়ে জানিবলৈ ৰক্ত শৰ্কৰাৰ মাত্ৰা কিদৰে জানিব তাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ মতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়মিতভাৱে পৰীক্ষা কৰা উচিত৷ শৰ্কৰাৰ মাত্ৰা সাধাৰণতে দুই ধৰণৰ টেষ্ট জৰিয়তে কৰা হয়৷ বয়স, ঔষধৰ ধৰণ তথা অসুখৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষাবোৰ কৰাৰ ফ্ৰিকোয়েলি ব্যক্তিৰ পৰা ব্যক্তিলৈ পৰিৱৰ্তিত হয়৷ এই ক্ষেত্ৰত পৰীক্ষাগাৰলৈ গৈ তেজৰ নমুনা দিয়াৰ লগতে ঘৰতে বহিও গ্লুক’মিটাৰ দ্বাৰা ৰক্ত শৰ্কৰা পৰীক্ষা কৰিব পাৰি৷ আনহাতে HbA1c পৰীক্ষাটো হ’ল গত তিনি মাহত শৰীৰত লোহিত ৰক্তকণিকাৰ সৈতে কিমান পৰিমাণৰ গ্লুকজ যুক্ত হৈ আছে, তাৰ মূল্যায়ন কৰাৰ বাবে সকলোতকৈ সাধাৰণ পৰীক্ষা৷ আনহাতে এটা মুখ্য কথা হ’ল যে ডায়েবেটিছ ৰোগৰ পৰিমাণ বা শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ জানিবলৈ কোনটো আঙুলিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰা উচিত৷ ডায়েবেটিছ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এটা লেন্সিং ডিভাইচৰ জৰিয়তে আপোনাৰ হাতৰ আঙুলিটোত সূক্ষ্ম ছেদ কৰি তেজৰ নমুনা সংগ্ৰহ কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাৰ কাৰণে মধ্যমা বা অনামিকা আঙুলি ব্যৱহাৰ কৰা উচিত৷ তেজ সংগ্ৰহ কৰাৰ সময়ত এটা কথালৈ মন দিয়া উচিত যে পৰীক্ষাৰ সময়ত যাতে হাতখন হাৰ্টৰ লেভেলৰ তলত থাকে৷ যদি ব্যক্তিজনৰ এই সময়ত হাৰ্টৰ ওপৰত হাতখন থাকে, তেন্তে মাধ্যাকৰ্ষণৰ ফলত এই অংশত তেজৰ চলাচলত বাধাৰ জন্মাব পাৰে, যি ৰক্ত প্ৰবাহক সীমিত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here