ব্লাড কেঞ্চাৰ মানেই জীৱন শেষ নহয় : নিয়ন্ত্ৰণৰ উপায় গৱেষকৰ

0
50

ব্লাড কেঞ্চাৰ হোৱা মানেই জীৱনৰ অন্তিম সময় বা মৃত্যুমুখী যাত্ৰা নহয়৷ ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় উদ্ভাৱন কৰিছে বিশেষজ্ঞই৷ ক্ৰনিক মায়েলয়েড লিউকেমিয়া ব্লাড কেঞ্চাৰৰ এটা জটিল ৰূপ৷ এই কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ মৃত্যুভয় আৰম্ভ হয়৷ আধুনিক চিকিৎসা বিজ্ঞানত মায়েলয়েড লিউকেমিয়াও আৰম্ভণিতে চিনাক্ত কৰাৰ উপায় উলিয়াইছে৷ এই বিষয়ে বিস্তাৰিতভাৱে জনাৰ প্ৰয়াস কৰো আহক৷ ব্লাড কেঞ্চাৰৰ নাম শুনিলেই ৰোগীয়ে প্ৰথমতে আতংকিত হৈ পৰে৷ অৱশ্যে হোৱাৰ কথাও৷ এটা সময়ত ব্লাড কেঞ্চাৰ ধৰা পৰিলে মৃত্যুভয় আছিল৷ খুব জটিল এক মাৰাত্মক ৰোগ আছিল ই৷ এই ৰোগত আক্ৰান্ত হ’লে বচাৰ কোনো সম্ভাৱনাই নাছিল৷ আনহাতে ক্ৰনিক মায়েলয়েড লিউকেমিয়াৰ দৰে ব্লাড কেঞ্চাৰ ধৰা পৰিলেতো আৰু কথাই নাই৷ কাৰণ অস্থিমজ্জাৰ পৰা খুব দ্ৰুতভাৱে তেজৰ মিহলি হৈ পৰে এই ৰোগ৷ যিদিনাই ধৰা পৰে সেইদিনাই ৰোগীজনৰ জীৱনৰ অন্ত বুলি ভবা হয়৷ কিন্তু সময় সলনি হ’ল৷ আধুনিক যুগত চিকিৎসা বিজ্ঞানৰ প্ৰভূত উন্নতি হৈছে৷ কেঞ্চাৰ নিৰাময়ৰ বহুতো থেৰাপী আৱিষ্কাৰ হ’ল আৰু ইয়াৰ চিকিৎসা পদ্ধতিৰ দ্ৰুততৰ উন্নতি ঘটিল৷ ব্লাড কেঞ্চাৰৰ ৰোগীৰ সংখ্যা বাঢ়িলেও চিকিৎসাই আশ্বস্ত কৰিব পৰা হ’ব, যাৰ বাবে আতংকৰ কোনো কাৰণ নোহোৱা হ’ল৷ সঠিক সময়ত ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসা পদ্ধতিয়ে কেঞ্চাৰকো পৰাজিত কৰিলে৷ ক্ৰনিক মায়েলয়েড লিউকেমিয়া যিমানেই ভয়ৰ কাৰণ নহওক কিয় যদি সঠিকভাৱে ৰোগ চিনাক্ত কৰিব পৰা যায়, তেনেহ’লে ৰোগীয়ে বাচি থকাৰ সম্ভাৱনা বেছি৷ আচলতে কেঞ্চাৰ ধৰা পৰাত দেৰি হ’লে চিকিৎসাই কাম নিদিয়ে৷ ব্লাড কেঞ্চাৰৰ চিহ্নিত হ’লে দুটা জিনৰ ওপৰত নজৰ ৰখা হয়৷ এই দুটা জিনৰ গতি-প্ৰকৃতি যদি ভালদৰে বুজা যায়, তেন্তে লিউকেমিয়া ধৰা পৰে দ্ৰুতভাৱে৷ চিকিৎসকলৰ ভাষাত, বিচিআৰ-এবিএল জিনৰ খেলিমেলিৰ কাৰণে ব্লাড কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ে৷ কেঞ্চাৰৰ কোষ যেতিয়া প্ৰস্তুত হ’বলৈ আৰম্ভ কৰে, তেতিয়া এই দুই জিনৰ গঠন আৰু সাজসজ্জা সলনি হৈ একধৰণৰ প্ৰ’টিন তৈয়াৰ হয়৷ ব্লাড কেঞ্চাৰৰ ৰোগীৰ শৰীৰত এই প্ৰ’টিন পোৱা যায়৷ সেয়ে ইয়াক চিনাক্ত কৰিব পৰা গ’লেই ৰোগ ধৰা সহজ হৈ পৰে৷ চিকিৎসকে কোৱা মতে যাৰ দেহত ব্লাড কেঞ্চাৰ ধৰা পৰে, তৎকালে ৰোগীৰ চিকিৎসা আৰম্ভ হয়৷ প্ৰতি তিনি মাহৰ অন্তত ৰোগীৰ পৰীক্ষা কৰি কেঞ্চাৰৰ কোষ বৃদ্ধি হৈছে নে তাক লক্ষ্য কৰা হয়৷ তাৰ বাবে এই প্ৰ’টিনৰ মাত্ৰা বিশ্লেষণ কৰা হয়৷ যদি দেখা যায় প্ৰ’টিনৰ মাত্ৰা কমি গৈছে, তেনে ক্ষেত্ৰত চিকিৎসা কাৰ্যকৰী হোৱা বুলি জনা যায়৷ অৰ্থাৎ কেঞ্চাৰৰ কোষ লাহে লাহে নিৰ্মূল হৈছে৷ অৱশ্যে প্ৰ’টিনৰ মাত্ৰা বাঢ়িলে চিকিৎসা সঠিকভাৱে কাম নকৰাটো সূচায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here