ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে ৰোগীৰ বচাব কোনো সুৰুঙা নাথাকে৷ ভাৰতবৰ্ষত চনত মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিটেলৰ চিকিৎসকে কাৰ-টি-চেল থেৰাপীৰ জৰিয়তে ব্লাড কেঞ্চাৰৰ ৰোগীৰ চিকিৎসা কৰিছিল৷ এই পৰীক্ষাৰ জৰিয়তে ৰোগীয়ে যথেষ্ট সুফলো পাইছিল৷ কিন্তু এই থেৰাপী অত্যন্ত ব্যয়বহুল আৰু জটিল৷ সেয়ে এইবাৰ আন একধৰণৰ থেৰাপী লৈ গৱেষণা চলি আছে৷ ব্ৰিটেইনৰ চিকিৎসকে এনে এক ঔষধ প্ৰস্তুত কৰা বুলি দাবী কৰিছে, যি ব্লাড কেঞ্চাৰ নিৰাময় কৰিব পাৰে৷ ব্ৰিটেইন নেচনেল হে’ল্থ ছাৰ্ভিচৰ তত্ত্বাৱধানত এই ঔষধবিধ প্ৰস্তুত কৰিছে নেচনেল ইন্ষ্টিটিউট ফৰ হে’ল্থ এণ্ড কেয়াৰ এক্সেলেন্সৰ চিকিৎসকে৷ নতুন ঔষধবিধৰ নাম বেলাণ্টামাৰ মেফোডোটিন, যাক ট্ৰ’জান হৰ্ছ বুলি কোৱা হয়৷ এইটো আচলতে এটা এণ্টিবডী থেৰাপী৷ যাতে শৰীৰৰ মোনোক্লনাল এণ্টিবডী চিনাক্ত কৰি কেঞ্চাৰ কোষবোৰৰ বিভাজন আৰু বৃদ্ধি হ্ৰাস কৰাৰ চেষ্টা কৰে৷ ইয়াৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী কোষবোৰকো সক্ৰিয় কৰি তোলে৷ ৰেডিঅ’থেৰাপী বা কেমোথেৰাপীত যিমান কেঞ্চাৰ কোষ নষ্ট হয়, তাৰ চাৰিওফালে থকা সুস্থ কোষবোৰে নষ্ট হয়৷ কিন্তু এণ্টিবডী থেৰাপীত নহয়৷ এই থেৰাপীত কেৱল কেঞ্চাৰ কোষবোৰহে ধবংস হয়৷ আনহাতে ব্লাড কেঞ্চাৰ বিভিন্ন ধৰণৰ হয়৷ তাৰ ভিতৰত সকলোতকৈ বিপজ্জনক ৰূপ হ’ল মাল্টিপল মায়েলোমা৷ তেজৰ প্লাজমা কোষ যেতিয়া অনিয়ন্ত্ৰিতভাৱে বাঢ়ি যায়, তেতিয়া এই ৰোগে দেখা দিয়ে৷ ইয়াৰ ফলত শৰীৰৰ একাধিক অংগক প্ৰভাৱিত কৰে৷