জলবায়ু পৰিৱৰ্তনে খাদ্য শস্যতো প্ৰভাৱ পেলাইছে৷ কিন্তু ইয়াৰ প্ৰভাৱৰ পৰাদি খাদ্য শস্যক ৰক্ষা কৰিব পৰা যায় তেতিয়া বিশ্ব ভালেমান সমস্যাৰ পৰাও মুক্ত হ’ব৷ নটিংহাম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই দিশত কৰা গৱেষণাই বিশ্বলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ তেওঁলোকে কৰা গৱেষণাই এতিয়া শস্যক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ তেওঁলোকে উদ্ভিদত থকা এনে এবিধ বিশেষ প্ৰ’টিনৰ তথ্য লাভ কৰিছে, যি গছৰ পানী আৰু পোষক দ্ৰব্যৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে৷ ইয়াৰ জৰিয়তে খৰাং প্ৰতিৰোধী শস্যৰ বিকাশ কৰিব পৰা যাব বুলি বৈজ্ঞানিকসকলে আশা প্ৰকাশ কৰিছে৷ ইয়াৰ ফলত ভৱিষ্যতে খাদ্য সুৰক্ষাও সুনিশ্চিত কৰিব পৰা যাব৷ এই গৱেষণাৰ বিষয়ে ছায়েন্স জাৰ্নেলত প্ৰকাশ পাইছে৷ গৱেষকসকলে গছৰ শিপাত এনে এবিধ সংবাহক প্ৰ’টিন আৱিষ্কাৰ কৰিছে, যি গছৰ কোষবোৰৰ ভিতৰৰ তৰপত এণ্ডোডাৰ্মিছত লিগনিন বাধাক নিয়ন্ত্ৰণ কৰে৷ ইয়াৰ দ্বাৰা উদ্ভিদৰ গা-গছে কিমান পৰিমাণৰ পোষণ আৰু পানী শোষণ কৰিব সেইটো নিয়ন্ত্ৰিত হ’ব পাৰে বুলি বৈজ্ঞানিকসকলে কয়৷ তেওঁ এই প্ৰণালীটোৰ বিষয়ে অধিক বুজি পোৱাৰ প্ৰয়াস কৰিছে৷ এই প্ৰ’টিনে উদ্ভিদৰ গা-গছৰ কাৰণে একপ্ৰকাৰে ছিলেণ্টৰ দৰে কাম কৰে যি প্ৰৱাহ নিয়ন্ত্ৰিত আৰু বন্ধও কৰে৷ ইয়াৰ জৰিয়তে এনেধৰণৰ উদ্ভিদৰ বিকাশ কৰা হ’ব, যাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা উদ্ভিদক বচাব পৰা যাব৷ ইয়াৰ লগতে কম পানী আৰু কম সাৰৰ প্ৰয়োজন হ’ব৷