আপোনাৰ গাৰ অসুখ হ’লে, হাত-ভৰিৰ যন্ত্ৰণা, মূৰৰ বিষ আদি সমস্যই দেখা দিলে ঘৰতে মজুত থকা পেৰাছিটামল টেবলেট এটা লগে লগে খোৱা হয়৷ অথবা জ্বৰ হৈছে শৰীৰত, কোনো কথা নাভাবি সহজে পোৱা পেৰাচিটামল সেৱন কৰে৷ অৰ্থাৎ এইধৰণৰ ৰোগৰ পৰা সকাহ পাবলৈ পেৰাছিটামলেই যেন একমাত্ৰ ভৰসা৷ প্ৰায় প্ৰতিঘৰ ভাৰতীয়ৰ ঘৰতে এই সহজে পোৱা ব্যাথানাশক পেৰাছিটামল সহজলভ্য৷ কিন্তু সঘনাই পেৰাছিটামল সেৱন কৰাটো কিমান বিপজ্জনক বা মাৰাত্মক সেই কথা সদৰী কৰিছে বিশেষজ্ঞই৷ ব্ৰিটেইনৰ নটিংহাম ইউনিভাৰছিটিৰ গৱেষকে এই কথা জানিবলৈ দিয়ে যে সঘনাই পেৰাছিটামল খোৱাৰ অভ্যাস শৰীৰৰ বাবে মাৰাত্মক হ’ব পাৰে৷ কেইবছৰমান আগতেও এক সমীক্ষাৰ পৰা গৱেষকে দাবী কৰিছিল যে পেৰাছিটামল বেছি মাত্ৰাত খালে লিভাৰ বা কিডনীত চাপ পৰে৷ ইয়াৰ ফলত কিডনীত পাথৰ জমা হোৱাকে ধৰি কিডনীৰ সমস্যাই দেখা দিব পাৰে বা পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ অধিক মাত্ৰাত পেৰাছিটামল সেৱনে বিভিন্ন শাৰীৰিক পাশ্বৰ্ক্ৰিয়া যেনে বমি বমি ভাব, মূৰৰ ঘূৰণি আদি হ’ব পাৰে৷ দীৰ্ঘসময় ধৰি এই ঔষধ সেৱন কৰাৰ ফলত ঘনে ঘনে হালধীয়া ৰঙৰ প্ৰস্ৰাৱ, তলপেটৰ তীব্ৰ যন্ত্ৰণাত ভোগাও দেখা যায়৷ কিছু ক্ষেত্ৰত এলাৰ্জিৰ দৰে সমস্যাও বাঢ়ি যাব পাৰে৷ এইধৰণৰ উপসৰ্গবোৰে পাছলৈ লিভাৰৰ ক্ষতি কৰিব পাৰে৷ গৱেষণাৰ পৰা দেখা গৈছিল যে সঘনাই পেৰাছিটামল খোৱাৰ যিসকলৰ অভ্যাস আছে, পৰৱৰ্তী সময়ত তেওঁলোকৰ আলচাৰ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ উপৰি হাৰ্টৰ অসুখ, হাইপাৰটেনশ্যন আদিৰ দৰে সমস্যাও দেখা দিব পাৰে অত্যধিক পেৰাছিটামল সেৱনৰ ফলত৷ সেয়ে যিকোনো অসুখ নিৰাময়ৰ বাবে লগতে ঔষধ সেৱন নকৰি চিকিৎসকৰ পৰামৰ্শ লৈয়ে ঔষধ সেৱন কৰা উচিত৷