বেছিভাগ ভাৰতীয়ৰে শৰীৰত ভিটামিন-ডিৰ অভাৱ : কাৰণ জনালে ICMR-এ

0
15

এটা সমীক্ষাত দেখা গৈছে যে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশ লোকেই ভিটামিন-ডিৰ অভাৱত ভুগিছে৷ বিশেষকৈ শিশুসকলৰ শৰীৰত ভিটামিন-ডি নাটনি হোৱা দেখা হৈছে৷ পৰ্যাপ্ত সূৰ্যালোক বা সূৰ্যৰ পোহৰ পোৱা সত্ত্বেও ভাৰতীয়সকলৰ শৰীৰত ভিটামিন-ডিৰ অভাৱ বেছি হৈছে৷ এই কথা জানিবলৈ দিছে জানাল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰে৷ সমীক্ষাটোত দেখা গৈছে যে ভিটামিন-ডি অভাৱত ভোগা ভাৰতীয়সকলৰ ৭৬ শতাংশ লোকৰ ভিতৰত পুৰুষৰ মাজত ৭৯ শতাংশ আৰু মহিলাসকলৰ মাজত ৭৫ শতাংশৰ শৰীৰত স্বাভাৱিকভাৱে যিমান পৰিমাণৰ ভিটামিন-ডি থাকিব লাগে, সেয়া নাই৷ আই চি এম আৰ আৰু নেশ্যনেল ইনষ্টিটিউট অব নিফট্ৰিশ্যনে দীৰ্ঘদিন ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত এই সমীক্ষা চলাইছিল৷ এইবোৰ সমীক্ষাত পোৱা ৰিপ’ৰ্ট অনুসৰি দেশৰ প্ৰত্যন্ত অঞ্চলবোৰততো বাদেই, চহৰৰ মহানগৰৰ অধিকাংশ মানুহৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডিৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণ বহুতো বুলি বিজ্ঞানীয়ে উল্লেখ কৰে৷ বেছিভাগ মানুহে গোটেই দিনটো শীততাপ নিয়ন্ত্ৰিত কক্ষত সোমাই কাম-কাজ কৰে৷ তেনে লোকৰ শৰীৰত ৰ’দৰ উত্তাপ কেতিয়াও নপৰে৷ যাৰ বাবে সূৰ্যালোকৰ পৰা উৎপন্ন হোৱা ভিটামিন-ডিৰ পৰা তেনে লোক বঞ্চিত হয়৷ আনহাতে শৰীৰে ভিটামিন-ডি লাভ কৰিবলৈ হ’লে সঠিক ডায়েটৰ প্ৰয়োজন৷ যিবোৰ খাদ্য খালে ভিটামিন-ডি শৰীৰে লাভ কৰে, অৰ্থাৎ যিবোৰ খাদ্য ভিটামিন-ডিৰে ভৰপূৰ, তেনে ধৰণৰ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত নকৰাৰ ফলতো শৰীৰে পৰ্যাপ্ত মাত্ৰাত ভিটামিন-ডি লাভ নকৰে৷ যাৰ বাবে শৰীৰত ভিটামিন-ডিৰ অভাৱ হোৱা দেখা যায়৷ আনহাতে মবিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত শৰীৰত ভিটামিন-ডি অভাৱ বেছি হয়৷ সেয়ে সেই সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ দিব লাগে৷ পুৰুষৰ ক্ষেত্ৰতো নিৰ্দিষ্ট এটা বয়সত শৰীৰত ভিটামিন-ডি অভাৱে দেখা দিয়ে৷ অকল প্ৰাপ্তবয়স্কই নহয়, শিশুসকলৰ শৰীৰত ভিটামিন-ডিৰ নাটনি বেছি হয়৷ উল্লেখ্য যে ভিটামিন-ডিয়ে হাড় আৰু পেশীৰ গঠন মজবুত কৰে৷ ইয়াৰ অভাৱ হ’লে শিশুৰ বুদ্ধিবৃত্তিত বেয়া প্ৰভাৱ পৰিব পাৰে৷ স্থূলতাও ইয়াৰ কাৰণ হ’ব পাৰে৷ স্থূল ব্যক্তিৰ ক্ষেত্ৰত ভিটামিন-ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here