বিদ্যুৎ উৎপাদন বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয় যদিও শেহতীয়াভাৱে ছুইজাৰলেণ্ডৰ বিজ্ঞানীয়ে বেক্টেৰিয়াৰ পৰা বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ বাবে সুৰাৰ ভাতীৰ পৰা ওলোৱা পেলনীয়া পানী ব্যৱহাৰ কৰা হ’ব৷ ছুইজ ফেডাৰেল ইন্ষ্টিটিউট অব্ টেকনলজিৰ লজেনৰ বিজ্ঞানীসকলৰ এটা দলে এশ্বৰিকা কলাই বা ই কলাই নামৰ এবিধ বেক্টেৰিয়াৰ সন্ধান লাভ কৰিছে৷ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ ৰাসায়নিক অভিযন্তা আৰ্ডেমিছ বঘোছিয়ানে কয় যে ই কলাইৰ কেইবাটাও উৎসত বিকাশ হ’ব পাৰে৷ পেলনীয়া পানীত এই বেক্টেৰিয়া উৎপাদন কৰি বিদ্যুৎ উৎপাদন কৰাত সফলতা লাভ কৰিব পৰা যায়৷ আৰ্ডেমিছৰ মতে বৈজ্ঞানিকসকলে আগতেই প্ৰাকৃতিকভাৱে বিদ্যুৎ উৎপাদন কৰিব পৰা কেইবাবিধ বেক্টেৰিয়া চিনাক্ত কৰিছে৷ কিন্তু সেইটো সম্ভৱ কিছুমান নিৰ্দিষ্ট পৰিৱেশতহে৷ আৰ্ডেমিছে প্ৰকাশ কৰা মতে ছুইজাৰলেণ্ডৰ বিজ্ঞানীসকলে এই বেক্টেৰিয়াৰ পৰা বিভিন্ন বায়ুমণ্ডলীয় পৰিৱেশত বিদ্যুৎ উৎপাদন কৰিব পৰা প্ৰণালীৰ বিকাশ কৰিছে৷ বৈজ্ঞানিকসকল ইয়াৰ কাৰণে বেক্টেৰিয়েল পাৱাৰ জেনেৰেটৰ শিৱালেনা ওনেইডেনছিয়া ব্যৱহাৰ কৰি প্ৰটিন কমপ্লেক্সৰ নিয়ম অনুসৰি জিনমৰ সংশোধন ঘটাইছে৷ ইয়াৰ ফলত ই কলাইৰ ইলেকট্ৰ’ এক্টিভিটি দুগুণলৈ বৃদ্ধি পায়৷