বৃহস্পতিৰ গাত আশ্চৰ্য ৰঙা দাগ কি জনালে বিজ্ঞানীয়ে

0
126

বৃহস্পতি হৈছে সৌৰমণ্ডলৰ আটাইতকৈ ডাঙৰ গ্ৰহ৷ এই গ্ৰহৰ গাত অতিকায় ৰঙা দাগ দেখিবলৈ পোৱা যায়৷ সেই দাগটো আচলতে কি এই বিষয়ে জনালে বিজ্ঞানীয়ে৷ জনা মতে সপ্তদশ শতিকাত এজন জাৰ্মান জ্যোতিৰ্বিদে বৃহস্পতি গ্ৰহৰ গাত এই ৰঙা দাগটো প্ৰথম দেখা পাইছিল৷ তাৰ পৰা সেই দাগটো মাজে-মধ্যে মহাকাশ বিজ্ঞানীয়ে দেখিবলৈ পায়৷ মাজতে ১১৮ বছৰৰ বাবে এটা সময়ত এই দাগটো নাইকিয়া হৈছিল৷ আনহাতে ২০১৮ চনত নাছাই পঠিওৱা মহাকাশযানে যেতিয়া বৃহস্পতিৰ একেবাৰে কাষত অৱস্থান কৰিছিল, তেতিয়া বৃহস্পতিৰ আলোকচিত্ৰত নাছাৰ বিজ্ঞানীয়ে এই ৰঙা দাগটো প্ৰত্যক্ষ কৰিছিল৷ বৃহস্পতিৰ এই ৰঙা দাগটোৱে সদায়ে মহাকাশ বিশেষজ্ঞক আকৰ্ষণ কৰে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে আচলতে এই ৰঙা দাগটো হ’ল একধৰণৰ মেঘ, যি ঘূৰ্ণায়মান তথা কিছুমান ডিম্বাকৃতিৰ৷ প্ৰায় চাৰে তিনিশ কিলোমিটাৰজুৰি এই ঘূৰ্ণায়মান মেঘে অৱস্থান কৰি আছে৷ বিজ্ঞানীয়ে ভালদৰে পৰীক্ষা কৰাৰ পাছত নিশ্চিত হৈছে যে বৃহস্পতিৰ এই ৰঙা দাগ আচলতে এক ঘূৰ্ণায়মান মেঘ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here