চীন ক্ৰমাৎ বৃদ্ধ দেশ হ’বলৈ আগবাঢ়িছে৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল দেশখনৰ জনসংখ্যা একেৰাহে তৃতীয়বাৰলৈ হ্ৰাস পোৱাটো৷ চীন চৰকাৰে এই কথা জানিবলৈ দি উদ্বেগ প্ৰকাশ কৰে৷ উল্লেখ্য যে যোৱা বছৰৰ অন্তিম দিনটোত চীনৰ জনসংখ্যা ১৮০.৮ কোটি হয়গৈ৷ যোৱা বছৰৰ তুলনাত দেশখনৰ জনসংখ্যা ১৩.৯ লাখ হ্ৰাস পায়৷ উল্লেখ্য যে চীন ইতিমধ্যে জনসংখ্যাৰ এটা বৃহৎ অংশৰ বয়স বৃদ্ধি পোৱা আৰু কাম কৰিব পৰা যুৱকৰ সংখ্যা হ্ৰাস পোৱাৰ দৰে সমস্যা সন্মুখীন হৈছে৷ দেশখনৰ হ্ৰাস পোৱাৰ শ্ৰম শক্তিয়ে দেশখনৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে৷ দেশখনত জন্মৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত জনসংখ্যাৰ গড় বয়স বৃদ্ধি হৈছে৷ ইয়াৰ ফলত চীনৰ জনসংখ্যা হ্ৰাসৰ বাবে মূল্যবৃদ্ধি তথা নিবনুৱাৰ দৰে সমস্যাত প্ৰভাৱ পেলাইছে৷ এনে সমস্যাৰ বাবে যুৱক-যুৱতীসকলে বিয়া পতা আৰু সন্তান জন্ম দিয়াৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে৷ এইধৰণৰ বৃহৎ সমস্যাৰ বাবে চীনা চৰকাৰে বিভিন্ন লোভনীয় পদক্ষেপ গ্ৰহণ কৰিছে যদিও সফল হ’ব পৰা নাই, অৰ্থাৎ জনসংখ্যা হ্ৰাসৰ সমস্যাই এতিয়া চীনা চৰকাৰক চিন্তিত কৰিছে৷