বয়সিয়াল লোকসকল বিশেষকৈ ৪০ বছৰ পাৰ হোৱাৰ পাছত খোৱা-বোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰাকৃতিকভাৱে এজন লোকৰ বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰত অৱক্ষয় আৰম্ভ হয়। সেয়ে এনে অৱক্ষয় ৰোধৰ বাবে বয়সিয়াল লোকসকলে খোৱা খাদ্যৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া উচিত। অন্যথা শৰীৰ সহজে দুৰ্বল হৈ পৰিব পাৰে। বয়সজনিত দুৰ্বলতাৰ সুযোগ লৈ শৰীৰতন্ত্ৰলৈ আহি পৰা বিভিন্ন ৰোগে শৰীৰত থিতাপি লয়। কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ লগতে খনিজ লৱণযুক্ত সুষম আহাৰ সকলো বয়সৰ লোকে গ্ৰহণ কৰা উচিত। বয়সস্থ লোকসকলে দিনটোত কেইবাবাৰো কম কমকৈ খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত খাদ্য সহজে হজম হয়, লগতে বিপাকীয় ক্ৰিয়াও স্বাভাৱিক হৈ থাকে। বয়স বঢ়াৰ লগে লগে যিহেতু শাৰীৰিক পৰিশ্ৰম তথা শৰীৰৰ সক্ৰিয়তা হ্ৰাস পায়, সেয়ে কাৰ্বহাইড্ৰেট, চৰ্বিযুক্ত আহাৰ যেনে ঘি, মিঠাই, আইচক্ৰীম আদি কমকৈ খাব লাগে। আনহাতে বৃক্ক, ইউৰিক এচিড আদি ৰোগত ভুগি থকা লোকসকলে সীমিত মাত্ৰাতহে প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰা উচিত। বয়সস্থ লোকসকলৰ এটা স্বাস্থ্যজনিত সমস্যা হ’ল পুষ্টিহীনতা। এনে লোকসকলে প্ৰতিদিনে পৰ্যাপ্ত মাত্ৰাত শাক-পাচলি, ফল-মূল আৰু পানী খাব লাগে। অধিক মাত্ৰাত নিমখযুক্ত খাদ্য তথা অতিৰিক্ত চেনি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকিলে পুষ্টিহীনতাৰ সমস্যা সহজে সমাধান কৰিব পাৰি। তদুপৰি ভজা-পোৰা খাদ্যৰ পৰিৱৰ্তে সিজোৱা খাদ্য গ্ৰহণ কৰাটো ভাল। বয়স বঢ়াৰ লগে লগে গাখীৰ প্ৰচুৰ পৰিমাণে খাব লাগে। ইয়ে শৰীৰত ভিটামিন আৰু কেলচিয়ামৰ অভাৱ দূৰ কৰে। বয়সিয়াল লোকৰ বাবে এবিধ উপযুক্ত খাদ্য হ’ল খিচিৰি; যিহেতু ই সহজে হজম হয়।
এনে ধৰণে বয়সিয়াল লোকসকলে সুষম আহাৰ গ্ৰহণ কৰি সুস্বাস্থ্য অটুট ৰাখিব পাৰে।